ডিজিটেল ডেস্কঃ কিংবদন্তি ক্রিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰে তেওঁৰ ন্যাসৰ জৰিয়তে শিশুৰ কল্যাণৰ বাবে মেঘালয় চৰকাৰক সহায় কৰিব বুলি ঘোষণা কৰিছে।
শনিবাৰে মেঘালয় চৰকাৰৰ বিষয়াই এই কথা জনায়। কেইদিনমান আগতে মেঘালয় ভ্ৰমণ কৰাৰ পাছতে তেণ্ডুলকাৰে তেওঁৰ সামাজিক মাধ্যমৰ যোগেদি এই কথা ঘোষণা কৰে। ইনস্টাগ্রামত তেণ্ডুলকাৰে কয়, 'আমাৰ যাত্ৰাত এটা খোজ আগলৈ। শিশুৰ কল্যাণৰ বাবে শচীন তেণ্ডুলকাৰ ফাউণ্ডেশ্যন, গেছ ফাউণ্ডেশ্যন আৰু মেঘালয় চৰকাৰে একেলগে কাম কৰিব।'
অৱশ্যে ৰাজ্য চৰকাৰখনক টেন্ডুলকাৰে কিদৰে সহায় কৰিব সেই বিষয়ে বিষয়াজনে বিস্তৃতভাবে জনোৱা নাই
উৎসঃ দৈনিক জনমভূমি
Leave A Comment