• তোলনি বিয়াত মাছ-মাংসৰে আপ্যায়ন কৰি এঘৰীয়া হ’ল এটা পৰিয়াল ; পুনৰ বিতৰ্কত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ

    আঞ্চলিক
    তোলনি বিয়াত মাছ-মাংসৰে আপ্যায়ন কৰি এঘৰীয়া হ’ল এটা পৰিয়াল ; পুনৰ বিতৰ্কত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ
    ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ৷ গহপুৰৰ চন্দ্ৰ বৰুৱাৰ বিতৰ্কৰ অন্ত নৌপৰোতেই আকৌ আন এক নতুন বিতৰ্কত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ৷ এইবাৰ এঘৰীয়া কৰাৰ নামত এগৰাকী বৃদ্ধাক মানসিক হাৰাশাস্তি চলোৱাৰ অভিযোগ শঙ্কৰদেৱ সঙ্ঘৰ বিৰুদ্ধে৷

    শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিৰুদ্ধে ক্ষোভ যোৰহাটৰ এটা পৰিয়ালৰ৷শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মতে এই পৰিয়ালটোৱে কৰিছে এটা মহাভুল৷পৰিয়ালটোৰ ভুল কন্যাৰ তোলনি বিয়াত আমিষ খাদ্যৰে ৰাইজক আপ্যায়ন৷আমিষ খাদ্যৰ ভোজ দিয়াৰ বাবে এবছৰৰ বাবে শঙ্ঘই এঘৰীয়া কৰিলে পৰিয়ালটোক৷

    পৰিয়ালটোৰ অভিযোগ অনুসৰি, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নিয়ম অনুসৰিয়েই প্ৰথমে সকলো কৰ্ম সম্পাদন কৰা হৈছিল৷তাৰ এমাহৰ পাছত ৰাইজক আমিষ পাৰ্টী দিছিল পৰিয়ালটোৱে৷ অৱশ্য সঙ্ঘৰ নীতি-নিয়মৰ বাবেই নাতিনীয়েকৰ তোলনি বিয়ালৈ যোৱা নাছিল আইতাক ৰাণু বৰুৱা আৰু পৰিয়ালটোৰ অন্য কোনো সদস্য৷

    ২০২৪ বৰ্ষৰ আগষ্ট মাহত এখন পত্ৰযোগে ৰাণু বৰুৱা নামৰ বৃদ্ধা গৰাকীক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই এবছৰৰ বাবে তেওঁলোকৰ ঘৰত কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান নকৰাৰ কথা সদৰি কৰিছিল ৷ তাৰ পাছৰেই পৰা সংঘক পৰিয়ালটোৱে কেইবাখনো পত্ৰ প্ৰেৰণ কৰিও নাপালে কোনো উত্তৰ৷ যাৰ বাবে মানসিকভাৱে অশান্তি ভুগা পৰিয়ালটোৱে আইনৰ দ্বাৰস্থ হ’ব বুলি প্ৰকাশ কৰিছে৷
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorjudi baccarat onlineagen mix parlaysv388sabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino online