ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ইউটিউবাৰ আশিস চঞ্চলানীয়ে দাখিল কৰা এখন আৱেদনৰ শুনানি লৈ অসম আৰু মহাৰাষ্ট্ৰ চৰকাৰলৈ জাননী জাৰি কৰি এই সম্পৰ্কত উত্তৰ বিচাৰিছে। উল্লেখযোগ্য যে এটা অনলাইন শ্ব'ত অশ্লীলতাক উদগনি যোগোৱা বুলি চঞ্চলানীৰ বিৰুদ্ধে অভিযোগ উঠিছে।
এই অভিযোগত গুৱাহাটীত ৰুজু কৰা গোচৰ বাতিল অথবা মুম্বাইলৈ স্থানান্তৰৰ নিৰ্দেশ দিয়াৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে। ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ এন কটিশ্বৰ সিঙৰ বিচাৰপীঠে তেওঁৰ আৱেদনৰ শুনানি গ্রহণ কৰি অসম আৰু মহাৰাষ্ট্ৰ চৰকাৰলৈ জাননী জাৰি কৰে। ইয়াৰ লগতে তেওঁৰ আৱেদন ইউটিউবাৰ ৰনবীৰ এলাহাবাদীয়াৰ আৱেদনৰ সৈতে একেলগে শুনানিৰ সিদ্ধান্ত লয় বিচাৰপীঠে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment