ডিজিটেল ডেস্কঃ ঈদৰ প্ৰাকক্ষণত ধিঙৰ ঢাকাইবস্তিত সংঘটিত নৃশংস হত্যাকাণ্ড । মাটি-বাৰীক লৈ ভনী জোঁৱাই আৰু ভাগিনৰ দলে দিন দুপৰতে হত্যা কৰিলে মোমায়েকক ।
মাটি-বাৰী সংক্ৰান্তীয় সামান্য কথাৰ বাবেই সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডৰ ঘটনা । যোৱা বুধবাৰে দুপৰীয়া ভিনিয়েক আব্দুল বাৰেক আৰু খুলশালি ইমান হুছেইনৰ মাজত সৃষ্টি হৈছিল মাটি-বাৰীক লৈ তৰ্কাতৰ্কি। আৰু তাৰ পাছতেই ভিনিয়েক আব্দুল বাৰেকে ইমান হুছেইনক আক্ৰমণ কৰিবলৈ ফোন কৰি চৰৰ পৰা মাতি নিছিল নিজৰ সকলো কেইটা সন্তানক ।
খবৰ পাই ল'ৰা কেইজন উপস্থিত হোৱাত আব্দুল বাৰেকৰ নেতৃত্বত ইমান হুছেইনৰ ঘৰৰ দৰ্জা ভাঙি ভিতৰত প্ৰবেশ কৰি দলবদ্ধ ভাবে পত্নী আৰু দুটি কণমানি সন্তানৰ সন্মুখত লোহাৰ ৰ’ডেৰে আৰু বিভিন্ন চোকা অস্ত্ৰৰে কোবাই কোবাই মূৰত আৰু শৰীৰত প্ৰহাৰ কৰিছিল ইমান হুছেইনক ।
এই দলবদ্ধ আক্ৰমণৰ পৰা সাৰি যোৱা নাছিল ইমান হুছেইনৰ পত্নী আৰু বৃদ্ধ মাতৃও । আক্ৰমণৰ ফলত ইমান হুছেইনৰ পিঠিৰ ৰাজ হাড়, মেৰু দণ্ড আদি ভাঙি চূৰ-মাৰ হৈ যায়। পৰৱৰ্তী সময়ত ইমান হুছেইনক তাৎক্ষনিক ভাৱে লৈ যোৱা হয় ধিঙৰ পৰা নগাঁও আৰু নগাঁওৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত।আৰু এটা সপ্তাহ চিকিৎসাধীন অৱস্থাত মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত মৃত্যুক সাৱটি লয়।
ইমান হুছেইনক দিন দুপৰতে নৃশংস বাবে হত্যা কৰা হত্যকাৰীৰ মূল নায়ক আব্দুল বাৰেক আৰু তেওঁৰ সন্তান মোজ্জাফৰ, মোজ্জামেল, ইনামুল, ইক্ৰামুল আৰু মেহেদি আলমৰ বিৰুদ্ধে ইমান হুছেইনৰ পৰিয়ালে ধিং আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।
এজাহাৰ দাখিল কৰাৰ পিছতেই ধিং আৰক্ষীয়ে এজন হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও বাকী হত্যাকাৰী কেইটা বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ইমান হুছেইনৰ মৃত্যদেহটো মৰণোত্তৰ পৰীক্ষা কৰি ঘৰলৈ নি জানাজা নামাজ সম্পন্ন কৰিছে পৰিয়ালৰ লোকে।
Leave A Comment