ডিজিটেল ডেস্ক : প্ৰেম নামৰ বোৱতী নৈত সাতুঁৰিবলৈ নিজৰ সুখৰ সংসাৰখন ভাঙি পেলাইছিল এগৰাকী মহিলাই ৷ পিছে প্ৰেমৰ নৈত সাতুৰিবলৈ গৈ প্ৰৱঞ্চনাৰ সুঁতত উটি গ’ল মহিলাগৰাকীৰ প্ৰেম কাহিনী৷ সুখে দুখে একেলগে থকাৰ সপোন দেখুৱাই পলুৱাই নি বিয়া পতাৰ প্ৰলোভন দিয়া এই প্ৰেমীক জনৰ নাম ইলিয়াছ ৰহমান ।তেওঁৰ ঘৰ বটদ্ৰৱাৰ ভেৰভেৰিত।
দেখাত ভদ্ৰ যেন লগা যুৱক জনৰ আছে বহু কাহিনী। পেছাত সুদলৈ ধন দিয়াৰ লগতে ভুৱা বিত্তীয় প্রতিষ্ঠানৰ জৰিয়তে মানুহক ঠগ প্ৰবঞ্চনা কৰাই হৈছে ইলিয়াছৰ কাম। এই ইলিয়াছৰে প্ৰতাৰণাৰ বলি হৈ বিপদত পৰিছে বহু জন।তেনে এক প্ৰবঞ্চনাৰে বলি হ’ল এইবাৰ এগৰাকী বিবাহিত মহিলা।
ইলিয়াছৰ প্ৰেমত হাবু-ডুবু খাই সকলো পাহৰি পেলাইছিল এগৰাকী মহিলাই ৷ কিন্তু ইলিয়াছ আছিল প্ৰৱঞ্চক, ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত আনক প্ৰৱঞ্চনা কৰা ইলিয়াছৰ সকলো কাহিনী জানিছিল প্ৰেমিকাই ৷ তাৰ পাছতো ভাবিছিল মই প্ৰেমিকা, আনৰ দৰে মোকনো সি ক’ত কৰিব প্ৰৱঞ্চনা ৷ কিন্তু নহ’ল,ভবাৰ দৰে কথাবোৰ একেবাৰেই নহ’ল ৷
আনৰ দৰেই প্ৰেমিকাকো প্ৰৱঞ্চনা কৰি উধাও হ’ল প্ৰেমিক ইলিয়াছ ৷ বিবাহ কৰোৱাৰ উদ্দেশ্যৰে নগাঁও বিবাহ পঞ্জীয়ন কাৰ্য্যালয়ত উপস্থিত হৈ এটা পানীৰ বটল কিনি আনাৰ চলেৰে পলাল ইলিয়াছ। প্ৰেমিকাক অলপ সময় অকলে ৰখিবলৈ দি দোকানলৈ যি গ’ল আৰু গলেই, ইলিয়াছৰ এতিয়া নাই সন্ধান ৷
বন্ধ হ'ল ম'বাইল, প্ৰেমিকা পৰিল চিন্তাত। ইলিয়াছৰ বাবে ৰৈ ৰৈ ভাগৰি পৰি অবশেষত কাষ চাপিল আৰক্ষীৰ। ইফালে পলাই যোৱাৰ অপৰাধৰ বাবে পিতৃ মাতৃয়েও ঘৰলৈ যাব নিদিয়ে জীয়ৰীক। সেয়ে এতিয়া প্ৰেমিক ইলিয়াছক বিচাৰি হাহাকাৰ কৰি ফুৰিছে প্ৰেমিকাই ।অৱশেষত কাষ চাপে সংবাদ মাধ্যমৰ ।
Leave A Comment