ডিজিটেল ডেস্কঃ চিৰাঙৰ বিজনীত শুকুৰবাৰে বিয়লি অজ্ঞাত প্ৰৱঞ্চকে এগৰাকী শিক্ষয়িত্ৰীৰ ATM কাৰ্ডখন কৌশলেৰে সাল সলনি কৰি ATM ৰ পৰা ১৯ হাজাৰ টকা উলিয়াই লৈ যায় ।
উল্লেখ্য যে বিজনীৰ শিয়ালমাৰীৰ বাসিন্দা তথা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী নৱনীতা বৰ্মনে বিদ্যালয় ছুটী হোৱাৰ পাছত বিজনী-পাণবাৰী পথৰ হনুমান মন্দিৰৰ ওচৰতে লাগি থকা SBIৰ ATM টোৰ পৰা ধন উলিৱাবলৈ যায় ।
UCO বেংকৰ বিজনী শাখাত একাউণ্ট থকা শিক্ষয়িত্ৰী গৰাকীয়ে নিজৰ UCO বেংকৰ ATM কাৰ্ডখন ব্যৱহাৰ কৰি ATM ৰ পৰা ধন উলিওৱা প্ৰক্ৰিয়া কৰি থাকোঁতেই সেই সময়ত ATM টোৰ ভিতৰত থকা অজ্ঞাত প্ৰৱঞ্চক দুটাই কৌশলেৰে নৱনীতা বৰ্মনৰ ATM কাৰ্ডখন সাল সলনি কৰি ATM টোৰ পৰা ১৯ হাজাৰ টকা উলিয়াই লৈ যায় ।
পাছত এই কথা জানিব পাৰি শিক্ষয়িত্ৰী গৰাকী বিজনী থানালৈ আহি আৰক্ষীক ঘটনাটো অৱগত কৰাত বিজনীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
ঘটনা সন্দৰ্ভত ইতিমধ্যে শিক্ষয়িত্ৰী গৰাকীয়ে বিজনী থানাত এখন এজাহাৰ দাখিল কৰে।
Leave A Comment