ডিজিটেল ডেস্কঃ ডুমডুমা নামঘৰত সংঘটিত হৈছে এক নোহোৱা-নোপোজা ঘটনা । নামঘৰত চোৰ কৰিবলৈ আহি এইবাৰ মন সলনি হ'ল দুটাকৈ চোৰৰ ।
চোৰ বৃত্তি এৰি মানসিক শান্তিৰ বাবে ডুমডুমা নামঘৰত দুখনকৈ চিঠি লিখি নগদ ধন আগবঢ়াই থৈ গ'ল চুৰে । চিঠিখনত নিজকে বৰডুবি চাহ বাগিচাৰ বুলি উল্লেখ কৰি চোৰ বৃত্তিত জড়িত হৈ মানসিক অশান্তি ভুগি থকাত শৰাই আগবঢ়াবলৈ এখন চিঠিসহ ৩৫০০/ আৰু অন্য এখন চিঠিসহ ৪৫০০/ টকা দি থৈ যায় ।
এনে নোহোৱা-নোপোজা ঘটনা প্ৰচাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডুমডুমাত । উল্লেখ্য যে নামঘৰ সমিতিয়ে চোৰ দুটাই কৰা অনুৰোধ ৰক্ষা কৰি অহা ২৫মে'ত বাৰ্ষিক নামত তেখেতসকলৰ হৈ শৰাই আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
Leave A Comment