ডিজিটেল ডেস্ক : গুৱাহাটীৰ পানীখাইতিত ৰাইজে এগৰাকী কিশোৰী অপহৰণ কাৰীক ধৰি উত্তম মধ্যম সোধাই । অভিযুক্ত অপহৰণকাৰী গৰাকী বৰপেটাৰ মবজেইল খান বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, ১৪ বছৰীয়া এগৰাকী কিশোৰীক যোৱা ১৫ এপ্ৰিলত জিএছ ৰোড ৰ শ্ৰীনগৰৰ পৰা অপহৰণ হৈছিল৷ আজি লম্পট মবজেইল খানে AS01PC 9374 নম্বৰৰ অটোভান খনত কিশোৰী গৰাকীক উঠাই চন্দ্ৰপুৰৰ গোবৰ্ধনত নমাই থৈ পলায়নৰ চেষ্টা চলায় ।
পিছত একাংশ প্ৰত্যক্ষদৰ্শীয়ে অটোভান খনৰ পিছে পিছে খেদি পানীখাইতিত ধৰি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ।
জানিব পৰা মতে কিশোৰীগৰাকী চন্দ্ৰপুৰৰ গোবৰ্ধনৰ বাসিন্দা যদিও আইতাকৰ লগত জি এছ ৰোডৰ শ্ৰীনগৰত বসতি কৰি আছিল আৰু ইয়াৰে পৰা মবজেইল খান নামৰ লম্পট জনে কিশোৰীগৰাকীক যোৱা ১৫ এপ্ৰিলৰ দিনা অপহৰণ কৰি লৈ যায় । আজি অপহৰণকাৰী মবজেইল খানে কিশোৰী গৰাকীক গোবৰ্ধনৰ পথৰ দাঁতিত নমাই পলায়ন কৰে ।
উল্লেখযোগ্য যে কিশোৰী গৰাকীৰ অপহৰণ সম্পৰ্কে তিনিদিন পূৰ্বে দিছ্পুৰ আৰক্ষীক অৱগত কৰি এখন এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কিশোৰী গৰাকীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল ।
Leave A Comment