ডিজিটেল ডেস্কঃ গহপুৰৰ বড়িগাৱঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত কৰুণ মৃত্যু এগৰাকী যুৱতীৰ ৷দুৰ্ঘটনাত থিতাতেই নিহত হ’ল চুমি প্ৰধান নামৰ যুৱতীগৰাকী ৷
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চুমি প্ৰধানৰ বান্ধৱী টুটুমনি নাথ ৷ ১০ বহাগত আছিল চুমীৰ বিয় কি্ন্তু বিয়ালৈ মাজত মাত্ৰ ৪ দিন থকাৰ সময়তেই নিয়তিয়ে দেখুৱালে নিষ্ঠুৰতা ৷ কালৰ কৰুণ আঁচোৰত ৰাজপথতেই শেষ হৈ গ’ল হাতত মেহেণ্ডিৰ ৰং বুলাই নতুন জীৱন আৰম্ভ কৰিবলৈ আগবঢ়া চুমিৰ অলেখ-অযুত সপোন৷
জানিব পৰা মতে, অৰুনাচলৰ দিশৰ পৰা অহা ক’লা ৰঙৰ স্কৰপিঅ' বাহনে পিছফালৰ পৰা মহতিয়াই ঘটনাস্থীৰ পৰা লক্ষীমপুৰ দিশে পলায়ণ কৰে ৷এই ঘটনাত এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোতেই ৷
Leave A Comment