ডিজিটেল ডেস্ক : জল জীৱন মিছনৰ ঠিকাদাৰৰ মাজত হাহাকাৰ!জনস্বাস্থ্য কাৰিকৰী বিভাগত জল জীৱন মিছনৰ ঠিকা কৰি মাৰ্চ মাহত এটা ফুটাকৰিও নাপায় বিপদত পৰিছে নগাঁৱৰ শতাধিক ঠিকাদাৰ ৷
শেহতীয়াকৈ মাৰ্চ মাহত নগাঁও জনস্বাস্থ্য কৰিকৰী সংমণ্ডলৰ জল জীৱন মিছনৰ অনাদায়কৃত প্ৰায় ৬০ কোটি টকাৰ ভিতৰত ২ কোটি ৭৮ লাখ ৯৪ হাজাৰ টকা আবণ্টন হৈছিল । কিন্তু পৰিতাপৰ কথা যে নগাঁও সংমণ্ডলটোত ঠিকা কৰা ১৫০জন ঠিকাদাৰৰ ভিতৰত ১৪৯ জনেই বিলৰ ফুটাকৰি এটাও লাভ নকৰিলে ৷
কিন্তু ইয়াৰ বিপৰীতে ১৫০ জন ঠিকাদাৰৰ ভিতৰত কপাল ফুলিল এজন ঠিকাদাৰৰ ৷
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে নগাঁও জনস্বাস্থ্য কাৰিকৰীলৈ মাৰ্চ মাহত আবন্টিত সমূদায় ধন লাভ কৰে M/S YSM Construction Farm ৰ এই বিশেষ ঠিকাদাৰ জন বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আত্মীয় । সেই সুবাদতে মন্ত্ৰীৰ আশীৰ্বাদ পুষ্ট এই জন ঠিকাদাৰে মাৰ্চ মাহত মোকলাই দিয়া ২ কোটি ৭৮ লাখ ৯৪ হাজাৰ টকাৰ ভিতৰত ২ কোটি ৬৬ লাখ ৩২ হাজাৰ টকা লাভ কৰে । আৰু বাকী ১২ লাখ টকা কাৰিকৰী শিতানত ব্যয় কৰে । যাৰ পৰিপ্ৰেক্ষিতত ধনৰ এক শতাংশও লাভ নকৰা অন্য ঠিকাদাৰ সকলৰ সৃষ্টি হৈছে এতিয়া পানীত হাঁহ নচৰা অৱস্থা ।
একেদৰে কলিয়াবৰ জনস্বাস্থ্য সংমণ্ডলৰ ঠিকাদাৰ সকলৰো একেই অৱস্থা ৷ কলিয়াবৰ সংমণ্ডলত মাৰ্চ মাহত জল জীৱন অভিযানৰ কামৰ বিপৰীতে মোকলাই দিছিল ৩ কোটি ৪৮ লাখ ৩৮ হাজাৰ টকা ৷
জল জীৱন মিছনৰ কোটি টকীয়া ঠিকা কৰি মাৰ্চ মাহত বিল পোৱাৰ আশাত বন্দী শ শ ঠিকাদাৰ ৷ কিন্তু সেই আশাত চেঁচা পানী ঢালিলে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷ এতিয়া কাক ক'ব,কি কৰিব, মন্ত্ৰী আৰু বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষৰ ৰোষত পৰাৰ ভয়ত মুখ খুলিবলৈ সাহস কৰা নাই ঠিকাৰ ধন নাপায় মনৰ দুখত দগ্ধ হৈ থকা শ শ ঠিকাদাৰে ৷
Leave A Comment