ডিজিটেল ডেস্কঃ ৰাজ্যত এইবাৰ ওলাইছে নতুন চোৰ গেঙৰ৷মানুহৰ ঘৰৰ পদুলিয়ে পদুলিয়ে ঘূৰিছে এই চোৰ গেঙৰ সদস্য৷
এই গেঙৰ টাৰ্গেট গোসাঁইঘৰ,মন্দিৰ, নামঘৰত নিশা হ’লেই প্ৰৱেশ কৰে এই গেঙটোৰ সদস্যই৷কাঁহ-পিতলৰ মূল্যবান সামগ্ৰী আৰু গোসাঁইঘৰৰ টকাত চকু পৰিছে চোৰৰ৷ চুৰি কাৰ্য সংঘটিত কৰাৰ পাছত চোৰে লণ্ডভণ্ড কৰি যায় থাপনাও৷
শেহতীয়াকৈ মৰিগাঁওবাসীৰ বাবে মূৰৰ কামুৰণি হৈ পৰিছে এই নতুন গেঙটো, কিয়নো মৰিগাঁৱত হঠাৎ এটা নতুন গেঙৰ আৰ্বিভাৱ হৈছে৷এই গেংটোৰ চকু আপোনাৰ ঘৰৰ গোসাঁইঘৰত ৷ মৰিগাঁও চহৰৰ প্ৰায় প্ৰতিটো প্ৰান্ততেই গোসাঁইঘৰত সংঘটিত হৈছে চুৰিকাৰ্য৷
২ দিন পূৰ্বে মৰিগাঁও আৰক্ষীয়ে এই গেঙৰ ৪ টাকৈ চোৰক আটক কৰিছিল যদিও বুধবাৰে নিশা পুনৰ মৰিগাঁৱত সংঘটিত হয় চুৰিকাণ্ড৷
Leave A Comment