ডিজিটেল ডেস্কঃ অৰ্ধ শতাধিক মহিলাই উত্তপ্ত কৰিলে বটদ্ৰবা ওপৰ ডুমডুমীয়া গাঁও পঞ্চায়ত ৷ নগাঁও জিলাৰ বটদ্ৰবা ওপৰ ডুমডুমীয়াত অৰুণোদয় ৩.o'ত পোহৰলৈ আহিছে ভয়ংকৰ অনিয়ম।
সধৱাক বিধৱা সজাই অৰুনোদয়ত নাম ভৰ্তিৰ গুৰুতৰ অভিযোগ। অৰুণোদয় আঁচনিৰ বাবে বাছনি কমিটীৰ সদস্যক ধন নিদিয়াৰ বাবে নাম কৰ্তনৰ অভিযোগ। অৰুণোদয় আচনিৰ বাবে বাচনি কৰা কমিটিৰ সদস্য এজনক জবাবদিহি ৰাইজৰ।
গাঁও খনৰে দৰিদ্ৰ বিধৱা এই সকল মহিলাই পূৰ্বৰে পৰা অৰুণোদয় আচনিৰ ধন লাভ কৰি আহিছে। পূৰ্বৰে পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰি অহা মহিলা সকলৰ পৰা উৎকোচ নাপায় অযোগ্য হিতাধিকাৰীৰ পৰা উৎকোচ লৈ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে বাচনি কমিটিৰ একাংশ লোকৰ বিৰুদ্ধে ।
আনফালে গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধেও অৰুণোদয় আচনিৰ নামত ১হাজাৰকৈ টকা লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অৰুণোদয় আঁচনিৰ ক্ষেত্রত কঠোৰ নির্দেশনা প্রদান কৰাৰ পিছতো ওপৰ ডুমডুমীয়া গাওঁ পঞ্চায়তত সংঘটিত এই ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ।
Leave A Comment