ডিজিটেল ডেস্কঃ বিয়া ঘৰৰ উদুলি মুদুলি পৰিৱেশতে লাগিল কেনা ৷নিশা বিবাহস্থলীত উচ্চস্তৰত মাইক বজোৱাক কেন্দ্ৰকৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা।এই ঘটনা সংঘটিত হয় নাৰেংগীৰ তিনিআলিস্থিত গণেশ মন্দিৰ বিবাহ মন্দিৰ প্ৰাংগণৰ বিবাহ ভৱনত।
উল্লেখ্য যে বুধবাৰে নিশা নাৰেংগী গণেশ মন্দিৰ প্ৰাংগণত বিবাহকাৰ্য্য চলি থকাৰ মাজতেই উচ্চস্তৰত মাইক বজাই ১০-১২ জনীয়া সুৰাপায়ী যুৱকৰ দলে নাচি বাগি সামাজিক পৰিবেশ বিনষ্ট কৰাত স্থানীয় ৰাইজে অতিষ্ঠ হৈ বাধা আৰোপ কৰে।
আনকি উচ্চস্তৰত মাইক বজোৱাত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰাত অসুবিধাৰ সন্মুখীন হয় ৷
তাৰপিছতেই উচ্চস্তৰত মাইক বজোৱাক কেন্দ্ৰ কৰি গণেশ মন্দিৰৰ পৰিচালনা সমিতিৰ সম্পাদক কমল বৈশ্যই বিবাহস্থলীত উপস্থিত হৈ বাধাপ্ৰদান কৰাৰ পিছতেই দুয়োপক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।
বিবাহযাত্ৰীৰূপে থকা প্ৰায় দহ বাৰজনীয়া সুৰামত্ত যুৱকে জুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক কমল বৈশ্যক।
সম্পাদক গৰাকীক দুৰ্বৃত্তৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা ভগ্নী প্ৰীতি বৈশ্যকো উদণ্ড যুৱকৰ দলে বুকুত ধৰি দুৰ্ব্যৱহাৰ কৰে। পিছত ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হয় ৷ কিন্তু ভুক্তভোগীয়ে দেখাই দিয়াৰ পাছতো আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।
ঘটনা সন্দৰ্ভত ভুক্তভোগী আৰু মাইক বজোৱাক কেন্দ্ৰ কৰি গণেশ মন্দিৰৰ পৰিচালনা সমিতিয়ে পৃথকে পৃথকে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Leave A Comment