ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জাজনক কৰা জঘণ্য কাণ্ড ৷ এইবাৰ তিনি বছৰীয়া কন্যা শিশুক ধৰ্ষণ ৷
ঘৰত কোনো নথকাৰ সুযোগ লৈ বিস্কুট /চকলেট দিয়াৰ প্ৰলোভনেৰে ঘৰলৈ মাতি নি ধৰ্ষণ শিশুটিক । তিনি বছৰীয়া কন্যা শিশুৰ ধৰ্ষণৰ কথা পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ।
এই জঘণ্য কাণ্ড সংঘটিত হৈছে ওদালগুৰি জিলাৰ গৰুৱাঝাৰত ৷ গৰুৱাঝাৰৰ ঝৰাবস্তিত সংঘটিত হৈছে এই ঘটনা । প্ৰতিবেশী বিৰছা নায়কৰ দ্বিতীয় পুত্ৰ তথা এগৰাকী ১৪ বছৰীয়া কিশোৰৰ কামনাৰ বলি হৈছে শিশুটি । ১৮ এপ্ৰিলত সংঘটিত হৈছিল এই ঘটনা ।
ধৰ্ষণৰ পাছতে ৰক্তক্ষৰণ হোৱাত পৰিয়ালৰ লোকৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা । ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে কিশোৰ জনে। ইতিমধ্যে শিশুটিৰ পৰিয়ালৰ লোকে পানেৰী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আদিবাসী ছাত্ৰ সন্থাই।
এই ঘটনাক ধিক্কাৰ দি আছাই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাৱী জনাইছে । পলাতক কিশোৰক বিচাৰি পানেৰী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।
Leave A Comment