ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা গুৱাহাটীৰ জয়ানগৰৰ ৰাজপথত মুখত চিগাৰেট লৈ চলন্ত গাড়ীৰ ওপৰত উঠি আৰু দৰ্জা খুলি উদ্ভণ্ডালিৰ সৃষ্টি কৰা তিনিজন যুৱকক শনিবাৰে আৰক্ষীয়ে আটক কৰে।
আৰক্ষীয়ে আটক কৰা ফাৰদিন ফিৰোজ চৌধুৰী, ৰাজ মালাকাৰ আৰু কাব্য পল্লৱ বৰুৱা মহানগৰৰ তিনিখন আগশাৰীৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱক কেইজনে ব্যৱহাৰ কৰা গাড়ীখনো জব্দ কৰিছে।
জানিব পৰা অনুসৰি ফাৰদিন ফিৰোজ চৌধুৰীয়ে গাড়ীৰ ওপৰত উঠি ফটোৰ প'জ দিয়াৰ বিপৰীতেচালকৰ আসনত আছিল ৰাজ মালাকৰ। আনহাতে গাড়ীৰ দৰ্জা খুলি থিয় হৈ আছিল কাব্য পল্লৱ বৰুৱা। ৰাজ মালাকৰৰ বায়েকৰ নামত পঞ্জীয়ন আছিল মেগনাইট বাহনখন।
উল্লেখযোগ্য যে নিজৰ পৰিচয় লুকুৱাবৰ বাবে গাড়ীখনৰ শেষৰ নম্বৰটো যুৱককেইজনে ঢাকি ৰাখিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment