Business
Digital Desk : There have been reports that Starbucks is planning to exit the Indian market. Due to high operating costs and low profitability, the brand is facing losses and it may force them to end its joint venture with Tata.
নতুন দিল্লীঃ কেইমাহমান আগয়ে উইম্বলডনৰ ফাইনেলত নোভাক জকোভিছৰ হাতত মাট্টিও বেৰেটিনি পৰাজিত হৈছিল। ইটালীৰ টেনিছ তাৰকাগৰাকীয়ে ইউএছ অপেনত প্ৰতিশোধ লোৱাৰ সুবৰ্ণ সুযোগ পাইছিল। বেৰেটিনিয়ে সুযোগৰ উচিত ব্যৱহাৰ কৰিব নোৱাৰিলে। নোভাক জকোভিছে প্ৰথম ছেটটো হেৰুৱাই এটা সুন্দৰ প্ৰত্যাৱৰ্তন কৰে আৰু ইউএছ অপেনৰ ছেমিফাইনেললৈ উন্নীত হয়।
তেওঁ ৫-৭,৬-২,৬-২,৬-৩ ৰ ব্যৱধানত বিজয়ী হয়। ইয়াৰ লগে লগে বিশ্বৰ এক নম্বৰ টেনিছ তাৰকাগৰাকীয়েও একেটা ছিজনত একেৰাহে ২৬ খন খেলত জয়ৰ অভিলেখ গঢ়িছিল। জকোভিছে কেলেণ্ডাৰ গ্ৰেণ্ড শ্লামৰ ফালে এখোজ আগুৱাই গৈছে। ছেমিফাইনেলত অলিম্পিকৰ স্বৰ্ণ বিজয়ী আলেকজেণ্ডাৰ জেভেৰেভৰ সৈতে খেলিব নভাক জকোভিছে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ দৰে কোৱাৰ্টাৰ ফাইনেলতো আশাপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাছিল জকোভিছে। অৱশ্যে পৰৱৰ্তী সময়ত দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে জকোভিছে প্ৰত্যাশিত জয় আজুৰি আনিবলৈ সক্ষম হয়। এতিয়া ক্ৰীড়নুৰাগীয়ে অধীৰ অপেক্ষাৰে ফাইনেল খেলখনৰ বাবে বাট চাইছে। ক্ৰীড়া বিশ্লেষকসকলেও জকোভিছৰ পৰা উন্নত প্ৰদৰ্শনৰ আশা কৰিছে।
Leave A Comment