ডিজিটেল ডেস্কঃ এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত কয় যে,“অসম ষ্টাৰ্ট-আপৰ গন্তব্যস্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ-পূব অঞ্চলৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ আৰু সীমা বিবাদ নিষ্পত্তি কৰাৰ পাছত অসমে “অন্তহীন সুযোগৰ ভূমি” হিচাপে আত্মপ্ৰকাশ কৰিছে ।
তেওঁ কয়,“শান্তি চুক্তি আৰু সীমান্ত বিবাদ নিষ্পত্তিৰ জৰিয়তে অসম হৈ পৰিছে সীমাহীন সুযোগৰ ভূমি। ৰাজ্যখন দ্ৰুত উন্নয়নৰ দিশে আগবাঢ়িছে। দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে অসমৰ প্ৰাকৃতিক সম্পদ আৰু কৌশলগত অৱস্থানে ৰাজ্যখনক বিনিয়োগকাৰীৰ বাবে পছন্দৰ গন্তব্যস্থান কৰি তুলিছে।”
তেওঁ লগতে কয় যে, অসম ষ্টাৰ্ট আপ ইউনিটৰ গন্তব্যস্থান হৈ পৰিছে আৰু অতি সোনকালে উত্তৰ-পূর্বাঞ্চলৰ বাবে উৎপাদনৰ হাব হৈ পৰিব ৷ লগতে নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে কয় যে, বিজেপিৰ শাসনত অসমৰ অৰ্থনীতিৰ মূল্য দুগুণ বৃদ্ধি পাই ৬ লাখ কোটি টকা হৈছে আৰু এয়াই ‘ডাবল ইঞ্জিন’ চৰকাৰৰ প্ৰভাৱ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
বিশ্বৰ অস্থিৰতাৰ মাজতো ভাৰতৰ অৰ্থনৈতিক বিকাশ নিশ্চিতৰূপত আগবাঢ়িছে বুলিও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবেই ভাৰতে প্ৰগতি আজিৰ এই পৰ্যায়ত উপনীত হৈছে । দৰিদ্ৰতাৰ পৰা ওলাই অহা আৰু নতুন আকাংক্ষা থকা নতুন মধ্যবিত্ত শ্ৰেণীটোৱে দেশখনক উন্নয়নৰ পথত আগুৱাই নিব । একে সময়তে ৰাজনৈতিক স্থিতিশীলতা, সুশাসন আৰু সংস্কাৰে ভাৰতৰ প্ৰতি বিশ্বৰ আশা বৃদ্ধি কৰিছে ৷
Leave A Comment