ডিজিটেল ডেস্কঃ হত্যা হিংসাৰ ক’লা ডাৱৰে চানি ধৰিছে গুৱাহাটী মহানগৰীক! লোহাৰ ৰদৰে মৰিয়াই মৰিয়াই পত্নীক নৃশংসভাৱে হত্যা কৰিলে পাষাণ স্বামীয়ে৷
কিছুদিনৰ পূৰ্বেই পত্নী আৰু কন্যাক হত্যা কৰি শেষ সিদ্ধান্ত গ্ৰহণ কৰিছিল বামুণীমৈদামৰ লোহিত ঠাকুৰীয়াই৷ সেই ভয়ংকৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আকৌ গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড৷ এইবাৰৰ স্থান উলুবাৰী ৷
পাষাণ স্বামীৰ হাততেই প্ৰাণ গ’ল দুবছৰীয়া সন্তানৰ মাতৃ শ্ৰেয়া ভট্টাচাৰ্যৰ৷ জানিব পৰা মতে, স্বামী ৰুবুল শৰ্মাই পৰিয়ালকেন্দ্ৰীক সংঘাতৰ বাবেই ৰদৰে মৰিয়াই হত্যা কৰিলে পত্নী শ্ৰেয়াক৷ পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ স্বামী ৰুবুলৰ৷সমগ্ৰ ঘটনাকলৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া৷
Leave A Comment