ডিজিটেল ডেস্কঃ আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত সোমবাৰে নিশা জনাঞ্চললৈ নামি আহে বনৰীয়া হাতীৰ এটা বৃহৎ জাক। চন্দ্ৰপুৰৰ পাণবাৰীত ৰে’লপথ অতিক্ৰম কৰি গৰৈমাৰী বিলত অৱস্থান কৰে হাতীৰ জাকটোৱে।
সৰুৰ পৰা ডাঙৰলৈকে প্ৰায় ৬০/৭০জনীয়া বন্যহস্তীৰ জাকটোক লৈ আতংকিত হৈ পৰিছে ৰাইজ। উত্তৰ-পূব সীমান্ত ৰে’ল পথৰ পৰা মাত্ৰ ৫০মিটাৰ মান দূৰত্বত অৱস্থান কৰিছে হাতীৰ বৃহৎ জাকটোৱে ।
আনহাতে ৰে’ল পথত উঠিব নোৱৰাকৈ বন বিভাগৰ লোকে পহৰা দি ৰাখিছে হাতীৰ জাকটোক। ইপিনে ৰে’ল পথটোৰে ৰে’ল চলাচল কৰাৰ ক্ষেত্ৰত ৰে’লৰ গতি নিয়ন্ত্ৰণ কৰিছে ৰে’ল বিভাগে। আনহাতে যিকোনো মুহূৰ্তত হাতীৰ জাকটোৱে পাণবাৰী গাঁৱত প্ৰৱেশ কৰি সন্ত্ৰাস চলাব পাৰে বুলি শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment