• ধান-সৰিয়হত বোনাছ পাব অসমৰ কৃষকে

    আঞ্চলিক
    ধান-সৰিয়হত বোনাছ পাব অসমৰ কৃষকে
    ডিজিটেল ডেস্ক : ৰাজ্যৰ কৃষকসকলৰ বাবে আশাৰ বতৰা। ধান আৰু সৰিয়হৰ প্ৰতি কুইণ্টলত ন্যূনতম সমর্থন মূল্যৰ উপৰি ৰাজ্য চৰকাৰে অতিৰিক্ত বোনাছ (ধন) দিয়াৰ সিদ্ধান্ত লৈছে। আনহাতে দৰং জিলাত এখন নতুন মেডিকেল কলেজৰ লগতে বি এছ চি নাৰ্ছিং স্কুল আৰু জি এন এম নাৰ্ছিং স্কুল স্থাপনৰ ক্ষেত্ৰত অনুমোদন দিছে ৰাজ্যিক কেবিনেটে। বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে কেঁচা চাহপাতৰ ওপৰত কৰ ৰেহাই, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাচুল ৰেহাই, প্রতিটো সমষ্টিতে একোখনকৈ ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। 

    বৈঠকৰ অন্তত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ধান আৰু সৰিয়হ ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অহা এক এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টল ধানৰ ক্ষেত্ৰত অতিৰিক্ত ২৫০ টকা আৰু সৰিয়হৰ ক্ষেত্রত ৫০০ টকা প্রদান কৰিব। এই বোনাছৰ ফলত খেতি কৰিবলৈ বহু লোক, বিশেষকৈ নতুন প্রজন্ম আগবাঢ়ি আহিব বুলি আশা প্রকাশ কৰি তেওঁ লগতে কয় যে সম্প্রতি প্রতি কুইণ্টল ধানত কেন্দ্ৰীয় চৰকাৰে ২৩০০ টকা দিয়ে। এতিয়াৰে পৰা সেই ধনৰ সৈতে ৰাজ্য চৰকাৰে অতিৰিক্ত ২৫০ টকা প্রদান কৰিলে কৃষকে ২৫৫০ টকা লাভ কৰিব। একেদৰে সৰিয়হৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰতি কুইণ্টলত ৫৯৫০ টকা দিয়ে। এতিয়া ৰাজ্য চৰকাৰে পাঁচশ টকা অতিৰিক্ত প্ৰদান কৰিলে কৃষকে প্রতি কুইণ্টলত মুঠ ৬৪৫০ টকা লাভ কৰিব। 

    ৰাজ্য চৰকাৰে এই ধন ভৱিষ্যতে হ্রাস নকৰে, বৰঞ্চ বৃদ্ধিহে কৰিব বুলি জনাই তেওঁ লগতে কয় যে ২০২১ চনত অসমত কৃষকে প্রতি কুইণ্টলত ছয়শ টকাত ধান বিক্ৰী কৰিছিল। কিন্তু এতিয়া সেই দিন উকলিল। ইফালে দৰং জিলাৰ মঙলদৈত এখন নতুন মেডিকেল কলেজ আৰু চিকিৎসালয় স্থাপন কৰাৰ বাবে কেবিনেটে ৫৭২ কোটি টকা অনুমোদন জনোৱাৰ কথা ব্যক্ত কৰি তেওঁ কয়- দৰং মেডিকেল কলেজৰ লগতে বি এছ চি নাৰ্ছিং স্কুল আৰু জি এন এম নাৰ্ছিং স্কুল এখনো সংলগ্ন কৰি নিৰ্মাণ কৰা হ'ব। এতিয়াৰে পৰাই মেডিকেল কলেজ নিৰ্মাণ কৰিলে বি এছ চি নাৰ্ছিং স্কুল আৰু জি এন এম নাৰ্ছিং স্কুল এখনো লগতে নিৰ্মাণ কৰা হ'ব। পূৰ্বতে দৰং জিলাত এখন জি এন এম স্কুল আছিলেই, এতিয়া আৰু এখন হ'ব। স্কীল কলেজৰ সমীপতে এই মেডিকেল কলেজখন নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ অৱগত কৰে। 

    ইফালে অসম পঞ্চায়ত ফাইনেন্সিয়েল ঝল ২০০২ সংশোধন কৰাৰ কথা উল্লেখ কৰি ড° শৰ্মাই লগতে কয় যে এতিয়াৰে পৰা পঞ্চায়তৰ বজাৰসমূহত সৰু-সুৰা বেপাৰীসকলৰ পৰা লেচীয়ে মাচুল সংগ্ৰহ কৰিব নোৱাৰিব। একমাত্র স্থায়ী গৃহত বহি ব্যৱসায় কৰাসকলৰ পৰাহে কৰ সংগ্রহ কৰিব পাৰিব। কিন্তু শাক-পাচলি, গাখীৰ, তামোল-পাণ আদি বিক্রী কৰিবলৈ অহা দুখীয়া ব্যৱসায়ীসকলৰ পৰা কোনো টকা সংগ্ৰহ কৰিব নোৱাৰিব। মহলদাৰসকলে বজাৰখন চাফ-চিকুণকৈ ৰখাৰ লগতে বাকী ব্যৱসায়ীসকলৰ পৰা অতিৰিক্ত মাচুল সংগ্ৰহ কৰিব নোৱাৰিব বুলি জনাই তেওঁ কয় যে মহলদাৰসকলক বজাৰখন পুনৰ প্ৰদানৰ পূৰ্বে এই ক্ষেত্ৰত পুলিচ ভেৰিফিকেশ্যন কৰা হ'ব। 

    মন কৰিবলগীয়া কথা যে বিজ্ঞান প্রযুক্তি বিদ্যা বিভাগৰ সৈতে সংলগ্ন হৈ থকা জলবায়ু পৰিৱৰ্তন বিভাগটো বৃহস্পতিবাৰে কেবিনেটে বন বিভাগক চোৱাচিতা কৰাৰ দায়িত্ব দিয়ে। একেদৰে লোকনির্মাণ গৃহ বিভাগটো দ্বিখণ্ডিত কৰি লোকনিৰ্মাণ গৃহ স্বাস্থ্য আৰু শিক্ষা নামৰ এটা বিভাগ কৰা হৈছে। ইয়াৰ উপৰি স্বাস্থ্য বিভাগৰ অধীনত থকা ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্র (পি এইচ চি) প্রতিটো বিধানসভা সমষ্টিতে থকাটো নিশ্চিত কৰি কেবিনেটে প্রতিটো সমষ্টিতে এটা ব্লক পি এইচ চি নিৰ্মাণৰ সিদ্ধান্ত লয়।

    অৱশ্যে ডাঙৰ সমষ্টিত দুটাও পি এইচ চি থাকিব পাৰিব। ৰেছন দোকানসমূহৰ অনুজ্ঞাপত্ৰ নবীকৰণ কৰাৰ তাৰিখো ২০২৬ চনৰ ৩০ জুনলৈকে বৃদ্ধি কৰা হৈছে। প্রচলিত নিয়ম মতে, শিশুৰ যতনৰ ক্ষেত্ৰত মহিলা চাকৰিয়ালসকলক বিশেষ ছুটী প্রদান কৰা হয়। কিন্তু যিসকল বিবাহ বিচ্ছেদ হোৱা পুৰুষ চাকৰিয়ালৰ সৈতে শিশু আছে তেওঁলোকেও এতিয়াৰে পৰাই শিশুৰ যতনৰ বাবে দুবছৰৰ বিশেষ ছুটী লাভ কৰিব। প্রফেশ্যনেল টেক্স ৰেহাইৰ সীমাও পোন্ধৰ হাজাৰ টকালৈকে (প্রতিমাহে) বৃদ্ধি কৰা হৈছে। 

    ইয়াৰ ফলত এক লাখ ৪০ হাজাৰ লোক লাভৱান হ'ব। অৱশ্যে ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকা বেতন পোৱাসকলে ১৮০ টকা আৰু ২৫,০০০ টকাতকৈ অধিক বেতন পোৱাসকলে ২০৮ টকা কৰ দিব লাগিব। সংবাদমেলখনত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, বাজেটত ঘোষণা কৰা অনুসৰি আজি কেঁচা চাহৰ ওপৰত থকা কৰ ৰেহাই পুনৰ দুই বছৰ বৃদ্ধি কৰা হৈছে। অহা এক এপ্ৰিলৰ পৰা এই ৰেহাই প্রযোজ্য হ'ব। পূর্বতে এই কৰ তিনি বছৰলৈ ৰেহাই দিয়া হৈছিল। কোকৰাঝাৰ জিলাত নায়েক গাঁও নামৰ ৭৭৪ হেক্টৰ ভূমি সামৰি থকা প্ৰস্তাৱিত সংৰক্ষিত বনভূমিখনৰ ১৮০ হেক্টৰ ভূমিক আজিৰ কেবিনেটে সংৰক্ষিত বনভূমিৰ মৰ্যাদা দিয়ে। বাকী অংশ ৰাজহ গাঁও হ'ব।

    উৎস- দৈনিক জনমভূমি
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SABUNG AYAM ONLINELIVE CASINO ONLINESBOBET88wellbeing-spa.comwellbeing-spa.comwellbeing-spa.comwellbeing-spa.comrnmcenter.comrnmcenter.comshivohamshiv.comshivohamshiv.comal-marwani-qa.comab-skin.comrnmcenter.comrnmcenter.comhttps://romanwatch.vn/th/https://bitrax.app/agro/https://bitrax.app/bravo/https://bitrax.app/tele/https://duidev.com/lang/https://duidev.com/storage/https://duidev.com/vendor/https://duidev.com/resources/https://qatarsquash.comhttps://freshlooksalons.comhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://eyelinkeducation.idhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://qualieducacional.com.brhttps://zakachai1.ruhttps://zaczee.comhttps://planejamentoestrategico.orghttps://powerhouse.qahttps://web1giay.comSlot Server ThailandLive Draw TotoSV388SBOBET88sabung ayam onlinescatter hitamcasino onlinesabung ayam onlinesbobetslot thailandlive casinosv388sbobet88slot thailandcasino onlinesv388agen bolaslot thailandsabung ayam onlinesbobetslot thailandSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINEsv388agen mix parlaylive casino onlinezeus slotsv388judi bola onlineagen live casinoscatter hitamsabung ayam onlinesv388judi bola onlinesabung ayam onlineSabung AyamSBOBET88Live CasinoSlot OnlineIndopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSV388Mix ParlayCasino OnlineSlot Onlineslot thailand gacorSABUNG AYAM ONLINEJUDI BOLA ONLINEJUDI BOLA ONLINEsv388casino onlinespacemanmix parlaysv388casino onlineslot777mix parlaysv388sabung ayam sv388sbobet88 judi bolacasino baccarat onlineslot777hongkong poolsSV388 AGEN SABUNG AYAM ONLINESBOBET88 AGEN JUDI BOLAAGEN LIVE CASINOSITUS SLOT GACOR MAHJONG WAYS 2SV388 AGEN SABUNG AYAM ONLINESBOBET88taruhan bola onlinesv388slot onlineSlot Kakek ZeusAgen Judi Bola