ডিজিটেল ডেস্কঃ বিদ্যালয় খনত পাঠদানৰ সলনি বহিল এখন বজাৰ। কোনোবাই বন্ধাকবি, কোনোবাই লাউ, কোনোবাই উৰহী কোনোবাই আকৌ কাপোৰ,মণি-মুকুতা, ফল-মূল,জোতা-ছেণ্ডেল,মাছ আদিও বিক্ৰী কৰিবলৈ আহিল বিদ্যালয় খনত।মাথো শাক পাচলিৰে ভৰি পৰিল বিদ্যালয়ৰ খনৰ বাকৰি।
বজাৰ খনত বিক্ৰেতা ৰূপত দেখিবলৈ পোৱা গ’ল একাংশ ছাত্ৰ ছাত্ৰীক আৰু ক্ৰেতা ৰূপত দেখিবলৈ পোৱা গ’ল অভিভাৱক, শিক্ষকসকলক।
এই বিশেষ বিদ্যালয় খন মৰিগাঁও জিলা মায়ঙৰ ইকৰা একচেলেঞ্জ একাডেমী। বিদ্যালয়খনত কণ কণ ছাত্ৰ ছাত্ৰী সকলক দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী ৰূপত।
উল্লেখযোগ্য যে যোৱা বছৰ পোন প্ৰথম বাৰৰ বাবে একাডেমীৰ কৰ্তৃপক্ষই আয়োজন কৰা অকণিৰ বজাৰ খনে ৰাইজৰ মাজত বিপুল সঁহাৰি লাভ কৰিছিল। শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীৰ গাণিতিক জ্ঞান আৰু ব্যৱসায়ীক মনোবল বৃদ্ধি লক্ষ্যৰে অকনিৰ বজাৰ অনুষ্ঠিত কৰিছে বুলি জানিবলৈ দিয়ে একাডেমীৰ অধ্যক্ষ আব্দুৰ ৰহিমে। অকণিৰ বজাৰ খন অনুষ্ঠিত কৰাত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে পূৰ্ণ সহযোগীতা কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে একাডেমীৰ সভাপতি জিয়াবুৰ ৰহমানে।
Leave A Comment