ডিজিটেল ডেস্ক: আকাশতো জিলিকিছে অসমৰ স্বাভিমানৰ প্ৰতীক 'জাপি'। বিশ্বৰ আগশাৰীৰ বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ বিমানসমূহত জাপিৰ আৰ্হিত অংকন কৰিছে বিশেষ চিত্র।
সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্রকাশ কৰিছে- 'অসমৰ বাবে ভাল লগা কথা যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানত অসমৰ জাপিৰ আৰ্হিত চিত্র অংকন কৰিছে। যি জাপি আমাৰ অসমৰ গৌৰৱৰ অনন্য প্রতীক হিচাপে জিলিকি আছে। বাঁহ-বেতেৰে তৈয়াৰ কৰা পৰম্পৰাগত জাপি অসমৰ আতিথ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক।'
ইফালে মন্ত্রী পীযূষ হাজৰিকাই ছ'চিয়েল মিডিয়াত কয়, 'এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানৰ টেইল ডিজাইন অসমৰ জাপিৰ আৰ্হিত কৰা হৈছে। আমাৰ জাতীয় জীৱনত জাপিৰ এক সুকীয়া ঐতিহ্য আৰু বৈশিষ্ট্য আছে। কৃষি ক্ষেত্ৰৰ পৰা বিভিন্ন সাংস্কৃতিক কাম-কাজলৈ, আমাৰ গণ-জীৱনৰ অভিন্ন অংগ জাপিৰ প্ৰতি এনে আদৰ প্ৰত্যক্ষ কৰিবলৈ পাই আনন্দিত হৈছোঁ।'
উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়া প্রথমতে প্রখ্যাত উদ্যোগপতি প্রয়াত ৰতন টাটাৰ ককাকৰ মালিকানাধীন আছিল। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ক্রয় কৰে টাটাৰ অধীনৰ এয়াৰ ইণ্ডিয়া। কিন্তু কিছু বছৰ পূৰ্বে ৰতন টাটাই নিজৰ ককাকৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে ভাৰত চৰকাৰৰ পৰা পুনৰ এয়াৰ ইণ্ডিয়া ক্ৰয় কৰি লয়। বৰ্তমান টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত হৈ আছে এয়াৰ ইণ্ডিয়া।
(উৎস- দৈনিক জনমভূমি)
Leave A Comment