• যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ; নিৰ্মমভাৱে প্ৰহৃত বিশেষভাৱে সক্ষম যুৱক

    আঞ্চলিক
    যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ; নিৰ্মমভাৱে প্ৰহৃত বিশেষভাৱে সক্ষম যুৱক
    ডিজিটেল ডেস্ক: যোৰহাটত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা৷ বিশেষভাৱে সক্ষম এগৰাকী ৩১ বছৰীয়া যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যোৰহাট ISBT আৰক্ষীৰ বিৰুদ্ধে৷ প্ৰহৃত যুৱকজনৰ নাম গৌতম লিখক৷ যোৰহাট বিজেপিৰ ‘ছ’চিয়েল মিডিয়া কনভেনৰ’ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজিত বৰা নামৰ এগৰাকী ব্যক্তিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত উত্থাপন কৰিছে এই চাঞ্চল্যকৰ অভিযোগ৷ 

    ফেচবুকত অজিত বৰাই লিখিছে— ‘মোৰ শাৰিৰীকভাৱে অক্ষম ভাগিনটোক বিনাদোষত যোৰহাট  I.S.B.T. আৰক্ষীয়ে নি কেনেধৰণেৰে পিটিছে, সকলোলৈকে এৰি দিছোঁ।
    লগতে আৰক্ষী অধীক্ষকে উচিত বিচাৰ কৰে যেন।’

    আজি সন্ধিয়া ফেচবুকত গৌতম লিখকৰ শাৰীৰিক আঘাতসমূহৰ ফটো ৰাজহুৱা কৰে অজিত বৰাই৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ দৃষ্টি আকৰ্ষণ কৰি লিখা বৰাৰ পোষ্টটো এতিয়া ভাইৰেল হৈ পৰিছে ৰাজ্যজুৰি৷ এই চাঞ্চল্যকৰ ফেচবুক পোষ্টটোৰ পাছতেই সমালোচিত হৈছে অসম আৰক্ষী৷ কিয় আৰু কি পৰিস্থিতিত যুৱকজন এনেদৰে নিৰ্মমভাৱে প্ৰহৃত হ’ল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও উত্থাপিত অভিযোগক অসম চৰকাৰ আৰু গৃহ বিভাগে গুৰুত্বসহকাৰে লোৱাটো প্ৰয়োজনীয়৷ অভিযোগ যদি সঁচা হয়, তেন্তে অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন হৈছে৷ আৰু যদি উত্থাপিত অভিযোগৰ সত্যতা নাথাকে, তেন্তে ফেচবুকযোগে অভিযোগ অনা ব্যক্তিগৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে৷ এতিয়া সঁচা-মিছা প্ৰমাণ কৰাৰ দায়িত্ব অসম আৰক্ষীৰ৷ অসম আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ আৰক্ষীৰ স্বচ্ছতাক প্ৰতীয়মান কৰিবলৈ দাবী জনাইছে বহুজনে৷