ডিজিটেল ডেস্কঃ আমিনগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
STFৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।
শিলচৰৰ মণিপুৰ সীমান্তৰ পৰা নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে ড্ৰাগছখিনি।
AS 21 M 1450 নম্বৰৰ এল্ট বা গোপন চেম্বাৰ বনাই সৰবৰাহ কৰা কৰা ৪১টা পেকেট জব্দ কৰে অভিযানকাৰী দলটোৱে।
জব্দকৃত ৫৩৩ গ্ৰাম হিৰোইনৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা বুলি সদৰী কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে অভিযানত ড্ৰাগছ সৰবৰাহকাৰী শিলচৰৰ ছাজমিল লস্কৰ আৰু মৃণাল হুছেইনক গ্ৰেপ্তাৰ কৰিছে।
Leave A Comment