ডিজিটেল ডেস্কঃ আজি ভেলেণ্টাইন ডে’। প্ৰেমৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন। এই বিশেষ দিনটোতে আমিনগাঁও ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সন্মুখৰ হাজো-আমিনগাঁও পথত লোৱা হৈছে এক ব্যতিক্ৰমী কাৰ্যসূচী।
হাতত ৰঙা গোলাপ, হেলমেট লৈ ৰাজপথত সস্তম যানবাহন আৰক্ষী আৰু যুৱকৰ দল।
হেলমেট নিপিন্ধা প্ৰতিজন বাইক চালকক এপাহ ৰঙা গোলাপ আৰু হেলমেট উপহাৰ দি যানবাহন আইন ভংগ নকৰিবলৈ আহ্বান জনালে আৰক্ষী আৰু যুৱকৰ দলটোৱে।
কেৱল ইমানেই নহয় যানবাহন আইন মানি বাইক, গাড়ী চলোৱা প্ৰতিজন লোকৰ মাজতো ৰঙা গোলাপ আৰু হেলমেট প্ৰদান কৰি শুভেচ্ছা জনালে দলটোৰ সদস্যসকলে।
কামৰূপ যানবাহন আৰক্ষী আৰু Yotta Data Servicesৰ পৰা লোৱা হয় এই ব্যতিক্ৰমী কাৰ্যসূচী।
Leave A Comment