ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সুৰাপায়ী যুৱতীৰ অসভ্যালি। সুৰাপায়ী যুৱতীৰ অসভ্যালি সহিব নোৱাৰি নিশা ওলাই আহিল এটা এপাৰ্টমেণ্টৰ আৱাসী।
ছয়মাইলৰ চন্দন নগৰৰ ত্ৰিবেনী পথৰ ছানৰাইজ এপাৰ্টমেণ্টত ঘটিছে এই ঘটনা।
যুৱতীগৰাকীৰ নাম ছুহানী লস্কৰ। ছুহানীয়ে দৈনিক সুৰা, ড্ৰাগছ সেৱন কৰি আৱাসীক মাৰপিট, অসভ্যালি কৰাৰ অভিযোগ উত্থাপন হৈছে।
দীৰ্ঘদিনৰ পৰাই ছুহানীয়ে এপাৰ্টমেণ্টৰ নিৱাসীক অশ্লীল গালি-গালাজ আৰু হাৰাশাস্তি কৰি আহিছে।
দৈনিক ছুহানী লস্কৰৰ অতপালিত উজাগৰে নিশা কটাব লগা হয় আৱাসী।
সুৰাপান কৰি এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীক চৰ মৰাৰ অভিযোগ সুহানী লহকৰৰ বিৰুদ্ধে।
CCTV ত বন্দী হৈছে সকলো দৃশ্য।
পূৰ্বতে ছুহানী লস্কৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল এপাৰ্টমেণ্টৰ কমিটিৰ।
দিছপুৰ আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কমিটিৰ।
পুনৰ ঘটনাস্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী কিন্তু যুৱতীগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে নল’লে একো ব্যৱস্থা৷
নিশা ৩ বজালৈকে এপাৰ্টমেণ্টটোৰ আৱাসী আৰু আৰক্ষীৰ তৰ্কযুদ্ধ হয়৷
আৱাসীৰ অভিযোগ এগৰাকী মহিলাৰ কাৰণে এপাৰ্টমেণ্টটোৰ আৱাসীয়ে সমস্যাত পৰিব লগা হয়।
আনফালে মহিলা আৰক্ষী থকাৰ পাছতো আৰক্ষীয়ে নল'লে একো ব্যৱস্থা৷
একো কৰিব নোৱাৰো বুলি ঘটনাস্থলীৰ পৰা আঁতৰি গ’ল আৰক্ষী৷
চানমাৰী স্থিত জলসিঞ্চন বিভাগত চাকৰি কৰে ছুহানীয়ে।
ছুহানী লস্কৰৰ আচল নামটো ৱাহিদা বেগম লস্কৰ।
অডিট ব্ৰাঞ্চত senior assistant হিচাপে কৰ্মৰত।
Leave A Comment