• ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমল বাংলাদেশৰ পৰা অহা; নিৰ্বাচনৰ পূৰ্বে বিস্ফোৰক অভিযোগ অনুপ চেতিয়াৰ

    আঞ্চলিক
    ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমল বাংলাদেশৰ পৰা অহা; নিৰ্বাচনৰ পূৰ্বে বিস্ফোৰক অভিযোগ অনুপ চেতিয়াৰ
    ডিজিটেল ডেস্ক: স্বদেশী-বিদেশীৰ প্ৰসংগৰে অসমীয়া মানুহক আকৌ আৱেগিক কৰাৰ প্ৰয়াস কোনো নতুন কথা নহয়৷ বিগত চাৰিটা দশকজুৰি চলিয়েই আহিছে একেটি বিষয়ৰে চৰ্বিতচৰ্বন৷ অসম আন্দোলন, অসম চুক্তি, আলফা, ৰাষ্ট্ৰসন্ত্ৰাস... এনে শতেক ধুমুহাই জোকাৰি যোৱা এই অসমভূমিত আজিকোপতি নহ’ল অসমীয়া মানুহৰ সাংবিধানিক সুৰক্ষাৰ নিশ্চিতি৷ এতিয়া নিৰ্বাচন চমু চাপিছে৷ আৰু প্ৰেক্ষাপটত নামি পৰিছে একাংশ প্ৰাক্তন আলফা নেতা৷ দিল্লীত চুক্তি কৰি অধিকাংশ অসমীয়া মানুহৰ লাঞ্ছনা-গঞ্জনাৰ সন্মুখীন হোৱা আলফাই এতিয়া বিগত তিনিমাহত চুক্তিৰ কি কি বিষয় আগবাঢ়িল, সেই বিষয়ত উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে৷ 

    আৰু এনেসময়তে বিজেপিৰ প্ৰচাৰকৰ ভূমিকা লৈছে এজন প্ৰাক্তন আলফা নেতাই৷ অনুপ চেতিয়া তেওঁৰ নাম৷ চেঙাৰ মাজদিয়াত ৰাইজৰ স’তে মত-বিনিময় কৰে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই৷ অনুপ চেতিয়াৰ মতে, বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন চালানী মাছ, তেওঁলোক বাংলাদেশৰ বিক্ৰমপুৰৰ পৰা অহা৷ আৰু সেয়ে 
    অসম গণ পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজলৈ আহ্বান অনুপ চেতিয়াৰ। বৰপেটা জিলাৰ অন্তৰ্গত তথা ধুবুৰী লোকসভাৰ অধীনস্থ মাজদিয়াত উপস্থিত হৈ প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই উত্থাপন কৰে এই চাঞ্চল্যকৰ অভিযোগ৷

    আলফাই চৰকাৰৰ সৈতে হোৱা কেইবালানিও আলোচনাৰ অন্তত ২০২৩ চনৰ ২৯ ডিচেম্বৰৰ দিনা ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল। সেই দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শান্তি-চুক্তিত আলফাৰ হৈ স্বাক্ষৰ কৰিছিল অনুপ চেতিয়াই। তাৰ পাছতে ৰাজ্যত আৰম্ভ হৈছিল বিতৰ্ক। অনুপ চেতিয়ালৈ অভিযোগৰ আঙুলি টোঁৱাই একাংশই উত্থাপন কৰিছিল প্ৰশ্ন যে পূৰ্বৰ দাবীৰ পৰা বিচলিত হ’ল নেকি অনুপ চেতিয়া? এতিয়া পুনৰ অনুপ চেতিয়াই বিজেপি মিত্ৰজোঁটৰ হৈ‌ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

    কি উদ্দেশ্যৰে অনুপ চেতিয়াই ৰকিবুল হুছেইন আৰু জাভেদ ইছলামৰ মাজত স্বদেশী-বিদেশীৰ বিভাজন আনিছে, সেয়া ৰহস্যজনক৷ আৰু প্ৰশ্ন উঠিছে, কেৱল অভিযোগ আনিলেই নহ‘ব, সেই অভিযোগৰ সত্যাসত্যও নিৰূপণ কৰিব লাগিব অনুপ চেতিয়াই৷ আজমল আৰু ৰকিবুল হুছেইনক বাংলাদেশৰ পৰা অহা বুলি কৈ এনআৰচি প্ৰক্ৰিয়াকো নস্যাৎ কৰিলে অনুপ চেতিয়াই৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুনৰ স্বদেশী বিদেশীৰ প্ৰসংগৰে পানী ঘোলা কৰিব খোজা অনুপ চেতিয়াৰ উদ্দেশ্যক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত৷