ডিজিটেল ডেস্কঃ সংগীতশিল্পী হীৰা দাসৰ মৃত্যু। পত্নীহাৰা হ’ল বিশিষ্ট সংগীত শিল্পী জেপি দাস৷ পত্নীক হেৰুৱাই শোকত ভাগি পৰিছে জেপি দাস৷
জেপি দাসে পত্নীক সুঁৱৰি কয় যে ‘‘মই তেওঁৰ মাততেই প্ৰেমত পৰিছিলোঁ, নেদেখাকৈয়েই তেওঁৰ গান শুনি প্ৰেমত পৰিছিলোঁ। হীৰাই বহুত ভাল গান গাইছিল। ডিব্ৰুগড়ৰ অনাঁতাৰ কেন্দ্ৰটো গান গাইছিল। তেওঁ নিজেই সুৰ কৰিছিল।’’
পত্নী হীৰা দাসৰ স্মৃতি ৰোমন্থন কৰি এটি গীতো গালে জেপি দাসে।
মৃত্যুৰ সময়ত হীৰা দাসৰ বয়স আছিল ৭৩ বছৰ। ব্ৰেইন ষ্ট্ৰোক হৈ মৃত্যুক সাৱটি লয় শিল্পীগৰাকীয়ে। তেওঁ এলঝাইমাৰ ৰোগতো আক্ৰান্ত আছিল৷
যোৱা ৪ দিনৰ পৰা তেওঁক ভৰ্তি কৰি ৰখা হৈছিল এপ’ল’ হাস্পতালত। শণিবাৰে পুৱা ৩:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অনাতাঁৰ শিল্পীগৰাকীয়ে।
নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব কণ্ঠশিল্পী হীৰা দাসৰ৷
উল্লেখ্য যে ১৯৭৩ চনৰ ৩ মে’ত শান্তিপুৰৰ হীৰা দাসৰ লগত জেপি দাস বিবাহপাশত আৱদ্ধ হৈছিল। মৃত্যুৰ সময়ত স্বামী জেপি দাসৰ লগতে তিনি সন্তান জিণ্টি, নীতিন আৰু ৰাজীৱক এৰি থৈ গৈছে হীৰা দাসে।
তেওঁৰ বিয়োগত অঞ্চলজুৰি পৰিছে গভীৰ শোকৰ ছাঁ।
Leave A Comment