ডিজিটেল ডেস্কঃ খ্ৰীষ্টিয় নৱবৰ্ষৰ আজি পহিলা দিনটোত পুথিপ্ৰেমীৰ উৎসাহজনক সমাৱেশ হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত৷
পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰে খানাপাৰা বাকৰি৷ নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ, জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ সমাৱেশে অসম গ্ৰন্থমেলা, গুৱাহাটীত উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে৷
বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৫ক স্বাগত জনায় পঢ়ুৱৈ সমাজে৷ আজি কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে৷
ইপিনে আজি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে আকৰ্ষণীয় অনুষ্ঠান লেখক-পাঠকৰ সমাৰোহ “উন্মীলন”৷ এই অনুষ্ঠান উদ্বোধন কৰে মহানগৰীৰ আৰক্ষী আয়ুক্ত, কবি-লেখক ড° পাৰ্থ সাৰথি মহন্তই৷ তেওঁ কয় যে গ্ৰন্থমেলা সদায়ে বৌদ্ধিক চৰ্চাৰ থলী হিচাপে বিবেচিত হৈ আহিছে৷ কিতাপৰ সান্নিধ্যই মনলৈ এক পবিত্ৰতা আনি দিয়ে৷ কাৰণ কিতাপৰ মাজেৰেই আমাৰ ভাষা-সাহিত্য জীয়াই থাকে, ভাষা-সাহিত্য আগবাঢ়ে৷ নিজৰ ভাষাটোক অৰ্থাৎ মাতৃভাষাক সন্মান কৰা, শুদ্ধভাৱে চৰ্চা আৰু প্ৰয়োগ কৰাটো আমাৰ সকলোৰে দায়িত্ব৷
নিজৰ ভাষাটোকলৈ আমি গৌৰৱ কৰিব পৰা মানসিকতা গঢ়ি তুলিব লাগিব৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে কলকতাৰ বিশিষ্ট লেখক বিনোদ ঘোষালে৷ তেওঁ নিজৰ জীৱন সংগ্ৰামৰ বিষয়ে উল্লেখ কৰি কয় কেনেদৰে দোকানত কাম কৰিছিল, আনৰ ঘৰৰ বজাৰৰ হিচাপ ৰাখি জীৱন নিৰ্বাহ কৰিছিল আৰু কষ্টকৰ দৈনন্দিন জীৱন-যাত্ৰাৰ মাজতো লিখাৰ অনুশীলন কৰিছিল৷ তেওঁ নতুন লেখকসকলক উদ্দেশ্যি কয়—“কলমটোৰ ভুল ব্যৱহাৰ কৰিব নালাগে৷ নিজৰ যি বিশ্বাস সেয়াহে লিখিব লাগ ৷ যি কথা নিজে বিশ্বাস নকৰে সেয়া লিখা অনুচিত৷”
অনুষ্ঠানটি আকৰ্ষণীয় ৰূপত সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক-লেখক অচ্যুৎ কুমাৰ পাটোৱাৰীয়ে৷ তেওঁ “উন্মীলন”ত অংশগ্ৰহণ কৰা নতুন লেখকসকলৰ গল্প, কবিতা, নিৱন্ধৰ বিভিন্ন দিশ আলোচনাৰ মাজলৈ আনে৷ তেওঁ কয় যে নতুন লেখকসকল নিজৰ ভাষাটোৰ প্ৰতি সজাগ হোৱা উচিত৷ নিজৰ ভাষাটো ভুলকৈ ব্যৱহাৰ কৰাটো অত্যন্ত দুখজনক৷ তেওঁ গ্ৰন্থমেলাত যুৱ-লেখকসকলৰ বাবে এনে এটা অনুষ্ঠানৰ আয়োজন কৰি নতুন লেখকসকলক ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈ উলিয়াই অনাৰ প্ৰয়াস আদৰণীয়৷ “উন্মীলন”ত অংশগ্ৰহণ কৰা যুৱ-লেখকসকল হৈছে সৃঞ্জনা শৰ্মা, কৌশিকী গোস্বামী, সংকল্পজিৎ শইকীয়া, হেমন্ত বৰা, হৰ্ষিতা হিয়া, ৰ’দালি চেতিয়া, দিগন্ত নিৱিড়, প্ৰাণজিৎ কোঁচ, ছেল্ফ মেড ৰাণী, বৰষাৰাণী বৰা, অন্তৰীপ কাকতি আদি যুৱ প্ৰজন্মৰ গল্পকাৰ, কবি, নিৱন্ধকাৰসকলে৷
Leave A Comment