• বৰপেটাৰোডত এআইইউডিএফ নেতাৰ ভয়ংকৰ কাণ্ড; দৰিদ্ৰ পৰিয়ালৰ ওপৰত চলাইছে মহালুণ্ঠন

    আঞ্চলিক
    বৰপেটাৰোডত এআইইউডিএফ নেতাৰ ভয়ংকৰ কাণ্ড; দৰিদ্ৰ পৰিয়ালৰ ওপৰত চলাইছে মহালুণ্ঠন
    ডিজিটেল ডেস্ক: নেতাৰ ভাওজুৰি বৰপেটাৰোডৰ বালাভিঠা গাৱৰ বহু দৰিদ্ৰ পৰিয়ালক কৰিলে প্ৰতাৰণা কৰিছে এগৰাকী এআইইউডিএফ নেতাই৷ মাটিৰ জালিয়াতিৰে দৰিদ্ৰ পৰিয়ালক দিছে ৰামঠগন৷

    বৰপেটাৰোডৰ বালাভিঠাৰ আজিজুল হক আৰু আলী হুছেইনে একে গাঁৱৰে মহিৰ উদ্দিন মণ্ডলৰ ওচৰত চাৰি বছৰ পূৰ্বে মাটি ভাৰা দিছিল। বিশ্বাসতে মহিৰ উদ্দিন মণ্ডলৰ ক্ৰাচাৰ মিলত দৰিদ্ৰ আজিজুল হকে কৰ্মচাৰী হিচাপে কাম কৰিছিল । কিন্তু বিশ্বাসত কালিমা সানিলে AIUDFৰ নেতা মহিৰ উদ্দিন মণ্ডলে৷ মাটি ভাৰা হিচাপে প্ৰবঞ্চক মহিৰ উদ্দিন মণ্ডলে মাটিৰ স্বত্ত্বাধিকাৰী আজিজুল হক আৰু আলী হুছেইনক উকা দলিলত চহী কৰাইছিল। নিজৰ খেয়ালখুচিমতে মহিৰ উদ্দিন মণ্ডলে উকা দলিলত নিজৰ ইচ্ছা মতে লিখি মাটি কিনা নথি বুলি দাবী কৰে৷ ইপিনে আজিজুল হক আৰু আলী হুছেইনে মাটিৰ নথিক নসাৎ কৰে৷

    উকা দলিলৰ ফটোষ্টেট কপি আজিজুল আৰু আলী হুছেইনৰ হাতত আছে বুলি জানিব দিয়ে৷ মাটিৰ ভাৰা ম্যাদ উকলি যোৱাত মাটিৰ স্বত্ত্বাধিকাৰী আজিজুল হক আৰু আলী হুছেইনে নিজৰ মাটিতে সীমাৰ ৱাল কৰাত মহিৰ উদ্দিনে ৰাতিয়ে ৱাল ভাঙি দিয়ে৷ আজিজুল হক আৰু আলী হুছেইনৰ পৰিয়ালক চোকা অস্ত্ৰৰে প্ৰাণে মৰাৰ ভাবুকি দিয়ে৷

    এনেকুৱা জালিয়াতি কৰি মহিৰ উদ্দিনে বালাভিঠা বহুতো পৰিয়ালক দিছে ৰামঠগন৷ উপায়বিহীন হৈ আজিজুল হকে মহিৰ উদ্দিনৰ বিৰুদ্ধে বৰপেটাৰোড থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব দিয়ে।
    প্ৰশাসনে উচিত তদন্ত কৰি ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰি দোষীক কঠোৰ শাস্তি দিবলৈ আজিজুল হকৰ পৰিয়ালে দাবী জনায়৷