ডিজিটেল ডেস্কঃ ২৪ জানুৱাৰী, শুকুৰবাৰৰ মাজনিশা সকলোৱে গভীৰ টোপনিত লালকাল দি থকাৰ সময়তে আহিল ভূমিকম্প। সময় নিশা প্ৰায় ১ বাজো বাজো হৈছিল। সেই সময়তে সকলোৱে খকমককৈ সাৰ পাই উঠে, কাৰণ ভূমিকম্পই কঁপাই তুলিছিল ঘৰ-বিচনা।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৮ ৰিখটাৰ স্কেল।
শুকুৰবাৰে মাজ নিশা ১২ বাজি ৫৩ মিনিট ৩৫ ছেকেণ্ডত অনুভূত হ’ল ভূমিকম্পৰ কম্পন।
ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ। ম্যানমাৰৰ এই উৎপত্তিস্থল মণিপুৰ ৱাংজিং চহৰৰ পৰা পূবেপ্ৰায় ১০৫কিলোমিটাৰ নিলগত অৱস্থিত। USGSত প্ৰকাশ কৰা হৈছে এই তথ্য।
ইফালে মাজ নিশা প্ৰায় ১০-১৫ছেকেণ্ড সময় ধৰি এই কম্পন থকাৰ পাছতে বহু লোকেই ছ’চিয়েল মিডিয়া ভিন্ন পোষ্টৰে ভৰাই তোলে। প্ৰাপ্ত খবৰ অনুসৰি, কিছু কিছু ঠাইত এই ভূমিকম্পৰ ফলত আতংকৰ পৰিৱেশেও বিৰাজ কৰিছে।
অৱশ্যে ভূমিকম্পত ৰাজ্যত কোনো ক্ষয়-ক্ষতিৰ খবৰ এইমুহূৰ্তলৈ অহা নাই। কোনো লোকো হতাহত হোৱাৰ খবৰ অহা নাই।
Leave A Comment