ডিজিটেল ডেস্কঃ অসমৰ হাতী ব্যক্তিগত খণ্ডৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা নজিৰবিহীন নহয়৷ শেহতীয়াকৈ গুজৰাটৰ জামনগৰস্থিত আম্বানী মালিকানাধীন বনতাৰা চিৰিয়াখানালৈ অসমৰ পৰা প্ৰায় ১৬খন এনিমেল এম্বুলেন্সত হাতী স্থানান্তৰ কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে পশু প্ৰেমী তথা সচেতন মহল৷ এই ঘটনাৰ পাছতে বিভিন্ন মহলৰ পৰা প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷
আম্বানীৰ চিৰিয়াখানালৈ অসমৰ হাতী সৰবৰাহ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁইয়ে কয় যে বৰ্তমানৰ কেন্দ্র-ৰাজ্য চৰকাৰৰ নীতি হৈছে অসমৰ ধন সম্পদেৰে বাহিৰৰ বৃহৎ পুঁজিপতিক চহকী কৰা। হাতী বিলাকত আৰু আম্বানী উঠি ঘূৰি নুফুৰে,আমেৰিকাৰ ডিজনী ৱৰ্ল্ডৰ নিছিনা একধৰণৰ বিশাল চিৰিয়াখানা বনাব খুজিছে। তাত জীৱ-জন্তুৰ দৰকাৰ! নিজৰ কাৰণে নহয়, ভবিষ্যতৰ দৰ্শকৰ কাৰণে মুকলি কৰি তাৰ পৰাই কোটি কোটি টকা উপাৰ্জন কৰিব। ইয়াৰ পৰা আম্বানীৰ বাহিৰে কোৰা লাভ নহয়, অসমৰ লোকচানহে হ'ব। লগতে তেওঁ কয় গুজৰাটৰ মানুহে হয়টো হাতী প্ৰতিপালন কৰিব নাজানে, ইতিমধ্যে অসমৰ পৰা নিয়া ২৩টা হাতীৰ মৃত্যু হৈছে। অসমৰ মানুহে প্ৰতিপালন কৰিব জানে। অৱশ্যে আমাৰ মানুহ সজাগ নোহোৱালৈ এইবোৰ কাণ্ড চলি থাকিব বুলি মত প্ৰকাশ কৰে।

প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অৰুণাচলৰ পৰা অসমেদি জামনগৰলৈ পূৰ্বেও ৭খন ট্ৰাকত ১৪টা হাতী প্ৰেৰণ কৰিছিল, তেতিয়া হাতীকেইটা অৰুণাচলত নথি-পত্ৰ চাই মুকলি কৰি দিছিল৷ আজি পুনৰ প্ৰায় ১৫ খন ট্ৰাকত জামনগৰলৈ হাতী লৈ গ'ল৷ অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰা তথা হাতীক সুৰক্ষা দিব নোৱাৰাতো দুৰ্ভাগ্যজনক ই চৰকাৰৰ ব্যৰ্থতাই! ৰাষ্ট্ৰীয় উদ্যান কেইবাখনো হ'ল কিন্তু কাম কি? অসমতো এদিন ঘৰচীয়া হাতী নোহোৱা হৈ যাব বুলি উদ্বেগ প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী গৰাকীয়ে৷
ইয়ৰোপৰি কৃষক মুক্তিৰ আকাশ দলে এই সন্দৰ্ভত মত প্ৰকাশ কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷
অসমৰ জীৱ জন্তুৰে আম্বানীৰ বনতাৰা চিৰিয়াখানা শুৱনি কৰিবলৈ অসম চৰকাৰক কোনে অনুমতি দিলে বুলি কৃষক মুক্তিৰ নেতাগাৰীয়ে চৰকাৰতক প্ৰশ্ন কৰে৷ আৰু এনেকৈ যদি ধাৰাবাহিক ভাৱে অসমৰ জীৱ জন্তু আম্বানীৰ চিৰিয়াখানালৈ ৰপ্তানি কৰি থকা হয় তেনেহলে অসমলৈ কি চাবলৈ পৰ্যটক আহিব বুলি উদ্বগ প্ৰকাশ কৰে৷ পৰিৱেশ কৰ্মী জয়ন্ত কুমাৰ দাসেও পশু এম্বুলেন্স সমূহত প্ৰয়োজনীয় প্ৰদূষণ নিয়ন্ত্ৰণৰ অধীনত প্ৰমাণপত্ৰ (পি ইউ চি চি), বীমা, যোগ্যতাৰ প্ৰমাণপত্ৰকে ধৰি প্ৰমাণপত্ৰ নাই বুলি অভিযোগ উত্থাপন কৰিছে
।

উল্লেখ্য যে এপ্ৰিল ২০২২ অৰুণাচলপ্ৰদেশৰ পৰা ২৩ টা হাতী ভান্তাৰলৈ স্থানান্তৰ কৰা হৈছিল, জুন ২০২২ আন ১২ টা হাতী ত্রিপুৰাৰ পৰা ভান্তাৰলৈ স্থানান্তৰ কৰা হৈছিল, পাছত এপ্ৰিল ২০২৩ অৰুণাচলপ্ৰদেশৰ পৰা ১৭ টা হাতী ভান্তাৰলৈ স্থানান্তৰ কৰা হৈছিল শেহতীয়া কৈ প্ৰায় ৩৩টা হাতী স্থানান্তৰ কৰা বুলি জানিব পৰা গৈছে৷
অসম আৰু অৰুণাচলপ্ৰদেশৰ পৰা গুজৰাটলৈ হাতী স্থানান্তৰ কাৰ্যই প্ৰাণী কল্যাণ আৰু ব্যক্তিগত চিড়িয়াখানাৰ নীতিৰ ওপৰত এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। এই ঘটনা প্ৰবাহৰ মাজতে পৰিবহণৰ সময়ত হাতীৰ সুৰক্ষা তথা পৰিচৰ্যা আৰু স্থানান্তৰকৰণৰ বৈধতাক লৈ উদ্বেগ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত বন্যপ্ৰাণী কৰ্মী আৰু পৰিৱেশবিদসকলে অধিক স্বচ্ছতা আৰু বন্য জীৱন সুৰক্ষা আইনৰ সঠিক অনুসৰণৰ আহ্বান জনাইছে।
Leave A Comment