ডিজিটেল ডেস্কঃ দেশৰ দ্রুত বিকশিত ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে তৃতীয়। ২০২৪-২৫ বৰ্ষত স্থিৰ মূল্যত জি এছ ডি পি বৃদ্ধিৰ হাৰ হৈছে ৭.৯৪ শতাংশ। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।
ছ'চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে ৰাজ্যৰ অৰ্থনীতিৰ কিছু বছৰ পূৰ্বলৈ কল্পনাতীত এটি পৰিসংখ্যাই অসমক এক নতুন গতি প্রদান কৰিছে। ভাল লগা কথাটি হ'ল অসম বৰ্তমান ভাৰতৰ দ্রুতগতিত বিকশিত ৰাজ্যৰ তৃতীয় স্থানত উপনীত হৈছে। আমাৰ বিনিয়োগকাৰী সমর্থন নীতি আৰু আন্তঃগাঁথনি, প্রতিষ্ঠান আৰু ব্যক্তিৰ ক্ষেত্ৰত স্থায়ী বিনিয়োগে এই বৃদ্ধিৰ সূচনা কৰিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে মূলধনী ব্যয়ৰ ক্ষেত্ৰতো অসমে সর্বাধিক গুৰুত্ব দিছে। তথ্য অনুসৰি অসমৰ মূলধনী ব্যয় ২০১৫-১৬ চনত ২,৯৫১ কোটি টকাৰ পৰা ২০২৪-২৫ চনত আনুমানিক ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে।
মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে মূলধনী বিনিয়োগত সর্বাধিক গুৰুত্ব দিয়াৰ ফলত ৰাজ্যৰ বিকাশৰ গতিও ক্ষিপ্ৰ হৈছে।
উৎস- দৈনিক জনমভূমি
Leave A Comment