ডিজিটেল ডেস্ক: এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা, অধিসূচনা, জাননী প্ৰকাশ পাব অসমীয়া ভাষাত। পহিলা বহাগৰ দিনাই অসম চৰকাৰে ৰাজ্যবাসীলৈ আগবঢ়ায় এই বিশেষ উপহাৰ। ৰাজ্য চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা, অধিসূচনা, জাননী আজিৰে পৰা প্ৰকাশ পাব অসমীয়া ভাষাত। এই সন্দৰ্ভত ৰাজনৈতিক বিভাগে জাৰি কৰিলে অধিসূচনা।
চৰকাৰৰ যিকোনো অধিসূচনাৰ পৰা আৰম্ভ কৰি চৰকাৰী নিৰ্দেশনাৱলীলৈ সকলো অসমীয়া ভাষাত আজিৰে পৰা জাৰি কৰা হ'ব লগতে বি টি আৰত বড়ো ভাষাত আৰু বৰাক উপত্যকাত বঙালী ভাষা প্ৰযোজ্য হ'ব । উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনিক আৰু কাৰ্যবাহী নিৰ্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত জাৰি কৰা হ'ব।
কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়ম, নিয়ময়াৱলী আৰু নিৰ্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ ৩০ দিনৰ ভিতৰত অসমীয়া ভাষালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব ।আনহাতে ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ আৰু অন্য ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব । ইংৰাজী ভাষাৰ পৰা অসমীয়া, বাঙালী আৰু বড়ো ভাষালৈ অনুবাদৰ উদ্দেশ্যে 'অনুবাদ ভাষিনী' এপ ব্যৱহাৰ কৰিব পাৰিব।
তদুপৰি যিকোনো নিয়ম, আইন, নিয়মাৱলী, কাৰ্যালয়ৰ আদেশ, আদালতৰ আদেশ বা ৰায়ত সন্নিবিষ্ট ব্যৱস্থাবোৰৰ ব্যাখ্যাৰ বাবে ইংৰাজী সংস্কৰণে প্ৰাধান্য পাব।
উৎস- দৈনিক জনমভূমি
Leave A Comment