ডিজিটেল ডেস্কঃ ৰাজ্যিক বিধানসভাত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে বিগত চাৰি বছৰত ২.৪৩ কোটিৰো অধিক পৰ্যটকে অসমলৈ আহিছিল। নিৰ্দলীয় বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত দাসে কয় যে ২০২১-২২ চনৰ পৰা ২০২৪-২৫ চনৰ ডিচেম্বৰলৈকে ৰাজ্যখনলৈ অহা পৰ্যটকৰ মুঠ সংখ্যা ২,৪৩,৬৪,১৮০ জন। ইয়াৰে ৬০,৩০৬জন বিদেশী পৰ্যটক বুলিও তেওঁ কয়। ২০২২-২৩ বৰ্ষত সৰ্বাধিক পৰ্যটকৰ সংখ্যা আছিল ৯৮,৩১,১৪১, তাৰ পিছতে ২০২৩-২৪ চনত ৰাজ্যখন ভ্ৰমণ কৰিছিল ৭০,৬৭,৩৩৫ পৰ্যটকে।
নদী পৰ্যটনৰ প্ৰসাৰৰ বাবে বিভাগটোৱে ১৯৯১-৯২ চনত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীত ‘জলপৰী’ আৰু ২০১১-১২ চনত গুৱাহাটীৰ পৰা মাজুলীলৈ ‘মহাবাহু’ নামৰ বিলাসী জাহাজ সেৱা আৰম্ভ কৰে।
তদুপৰি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত গুৱাহাটীৰ আঠটা প্ৰধান ধৰ্মীয় গন্তব্যস্থান আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ সংযোগ কৰি ‘হপ অন হপ অফ’ নাও সেৱাৰ পৰিকল্পনা চলি আছে।
ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে সাগৰমালা ডেভেলপমেণ্ট কো লিমিটেড, ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অৱ ইণ্ডিয়া লিমিটেড, ৰাজ্যৰ পৰ্যটন বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, অসমৰ যৌথভাৱে এটা নতুন সংস্থা গঠন কৰা হৈছে।
দাসে লগতে কয় যে ইয়াক ‘ব্ৰহ্মপুত্ৰ সাগৰমালা মন্দিৰ দৰ্শনম এছ পি ভি প্ৰাইভেট লিমিটেড’ নামেৰে নামাকৰণ কৰা হৈছে আৰু প্ৰকল্পটো ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
ইফালে, অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে অসম এতিয়া দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ “বিত্তীয়ভাৱে পৰিচালিত” ৰাজ্য৷
বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্যৰ বাজেট দাখিল কৰাৰ পিছত সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় যে ২০১৫-১৬ চনত ৪১ হাজাৰ কোটি টকাৰ অলপ বেছি ব্যয়ৰ তুলনাত ২০২৪-২৫ চনত ৰাজ্যৰ মুঠ ব্যয় ১.৭৫ লাখ কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "নিৰ্বাচন আহিলে ৰাজনৈতিক দলসমূহে হিতাধিকাৰী পৰিচালিত বাজেট দাখিল কৰে। আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সবলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো, কিন্তু একে সময়তে আমি অসমক সন্মুখৰ ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ প্ৰতিশ্ৰুতিৰ পৰা বিচ্যুত হোৱা নাই।"
Leave A Comment