ডিজিটেল ডেস্কঃ বিহু অসমৰ জাতীয় উৎসৱ। তিনি বিহুৰ ভিতৰত বহাগ বিহু হৈছে অন্যতম। গৰু বিহু পালন কৰি পাতনি মেলা হয় অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটি। আজি গৰু বিহু।
চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত ৰাইজে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। টাউনত এই সুবিধা নাই বাবে পানীৰ পাইপেৰে গৰুক গা ধুওৱা হয়।
দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে।
গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু গা ধুওৱা হয়। গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰা হয়। পানীৰে গা ধুওৱাৰ পাছতে গৰুৰ গাত মাহ হালধিৰ মিহি মিশ্ৰণ সানি দিয়া হয়। সেইদিনা গৰুৰ গাত লাউ-বেঙেনা আদি ছটিয়াবলৈ ছাট সজা হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ নিপোটল এটি শৰীৰ কামনা কৰি গালৈ লাউ, বেঙেনা আদি ছটিওৱা হয়। তাৰ পাছত এনেদৰে গীত গায়-
“লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু”
গৰু বিহুৰ চাটৰ পাচলি ইঘৰে-সিঘৰৰ লগত বদলি কৰি খালে বছৰটোলৈ বেমাৰ-আজাৰ নহয়।
নৈৰ পাৰত সকলো গোট খায়। এই মধুৰ ক্ষণতে দীঘলতি আৰু মাখিয়তীৰে গৰুৰ গাত কোবোৱা প্ৰথাও গৰুবিহুৰে এটা নিয়ম। এইসময়ত অসমবাসীয়ে গায়-
“দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত
মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত”
জনপ্ৰবাদ অনুসৰি, পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইদিনা বহু অসমীয়াই ঘৰৰ গৰুকেইটাৰ মংগলৰ অৰ্থে ভগবানৰ ওচৰত মিনতি নিবেদি গোসাঁইঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়ামেথাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা–দৈৰে এসাজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম।
গৰুক গা ধুৱাৰ লগতে ৰাইজে মিলি কণী যুঁজো খেলে ৷ কণী যুঁজ গৰু বিহুৰ এক পৰম্পৰা ৷ ৰাজহুৱাকৈ ইজনে সিজনৰ লগত কণী যুঁজ খেলি সেইসমূহ কণীখিনি পাছত ৰান্ধি খোৱা হয়।
সন্ধিয়া পথাৰৰ পৰা ঘৰৰ গৰু ঘূৰি অহাৰ পাছতেই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়। প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে।
অসমৰ বহু ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। গৰুক খুৱাবলৈ পিঠাও প্ৰস্তুত কৰা হয়।
গৰুক নতুন পঘা দিয়া গৰু বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে ‘তৰাগছ’ৰ বাকলিৰে এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি প্ৰলেপ সানি গৰু বিহুৰ দিনাই গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয়।
গৰু বিহুৰ লগত প্ৰচলিত অসমীয়া সমাজৰ অন্যতম এক পৰম্পৰা হৈছে সিদিনাৰ দিনটোত ১০১ বিধ শাকৰ ব্যঞ্জন খাব লাগে।
জনবিশ্বাস অনুসৰি, গৰু বিহুৰ দিনা পুৱা যদি গৃহস্থই গোহালিত গৰু কেইটা শুই থকা দেখে, তেন্তে বছৰটো অশুভ হয়। অৰ্থাৎ, সেই বছৰটোত বানপানী, মহামাৰী আদি হোৱাৰ সম্ভাৱনা থাকে। আনহাতে যদি গোহালিত গৰু কেইটা থিয় হৈ থাকে, তেন্তে সেয়া গৃহস্থ আৰু সমাজৰ বাবে মংগলদায়ক। অৰ্থাৎ বানপানী, মহামাৰী আদিৰ শংকা নাথাকে।
গৰু বিহুৰ দিনা চাক আৰু দীঘলতি, মাখিয়তী অন্য এঘৰৰ লগত সলনি কৰি আনি পুনৰ গোহালিত সাঁচি থোৱা হয়। তদুপৰি পুৰণা পঘা এডালো গৰুৰ ঠেঙৰ তলেদি সৰকাই সেইডালো অন্য এঘৰৰ গৰুৰ পঘাৰ লগত সলনি কৰি গোহালিত সাঁচি থোৱাৰ পৰম্পৰা প্ৰচলিত আছে। তেনেকৈ থ'লে গোহালিৰ গৰুৰ বছৰটোৰ বাবে কোনো বেমাৰ-আজাৰ দেখা নিদিয়ে বুলি জনবিশ্বাস আছে।
চাকত ব্যৱহৃত বাঁহচটি আগমৰা হ'ব নালাগিব। আগমৰা বাঁহেৰে চাক সাজিলে গোহালিত গৰু নাবাঢ়ে বুলি লোক বিশ্বাস আছে।
আনহাতে ঠায়ে ঠায়ে গৰু বিহুৰ দিনা নাহৰৰ পাতত 'দেৱ দেৱ মহাদেৱ, নীলগ্ৰীৱ জঁটাধৰ বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতেঃ' -এই মন্ত্ৰটো লিখি ঘৰৰ চালত আৰু গোহালিত খুচি থোৱাৰ প্ৰথা অসমীয়া সমাজত আছে। লগতে টিকনি বৰুৱাৰ লতা এডালো মূল দুৱাৰৰ ওপৰত লগোৱা হয়। এনে কৰিলে ধুমুহা, ঢেৰেকণি, বজ্ৰপাত পৰাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস প্ৰচলিত আছে।
গৰু বিহুৰ দিনা মূল দুৱাৰত বগৰী জেং আৰু জেতুলী পকাৰ ডাল আঁৰি দিলে ঘৰত কোনো অপশক্তিৰ প্ৰৱেশ নহয় বুলি বিশ্বাস কৰা কৰা হয়।
গৰু বিহুৰ দিনা নহৰু আৰু বচ গছৰ আলু একেলগে থেতেলিয়াই পানীৰ লগত মিহলাই দিব লাগে আৰু সেই পানী সন্ধিয়া ঘৰৰ চাৰিওদিশে চটিয়াই দিলে ঘৰৰ ভিতৰলৈ সাপ নোসোমায় আৰু বছৰটোলৈ সৰ্পভয় নিৰাময় হয়।
উল্লেখ্য যে অসমীয়াত এক প্ৰবাদ আছিল- 'যাৰ নাই গৰু, সি সবাতোকৈ সৰু।' অৰ্থাৎ গৰু নথকাজনক সমাজৰ একেবাৰে নিম্ন শাৰীত ৰখা হৈছিল।
আজি গৰু বিহুৰ দিনা অসমত এক আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। আজি অসমীয়াই উলহ মালহেৰে পালন কৰিছে গৰু বিহু। এই আনন্দই টনকীয়াল কৰি ৰাখক অসমীয়া সমাজখনক।
Leave A Comment