ডিজিটেল ডেস্ক : বোৱাৰী নিৰ্যাতনৰ ঘটনা পশ্চিম কাৰ্বি আংলঙৰ মাইলুত। যৌতুকক কেন্দ্ৰ কৰি অত্যাচাৰ আৰু শাৰীৰিক প্ৰহাৰৰ অভিযোগ স্বামীগৃহৰ পৰিয়ালৰ বিৰুদ্ধে দিব্যা সিং নামৰ ভুক্তভোগী বোৱাৰী এগৰাকীৰ।
স্বামীগৃহৰ পৰিয়ালে বিবাহৰ সময়ত দুচকীয়া বাহন আৰু নগদ ৪ লাখ টকা যৌতুক হিচাপে লোৱাৰ উপৰিও পুনৰ নগদ ডেৰ লাখ টকা বিচাৰি থকাৰ অভিযোগ নিৰ্যাতিত বোৱাৰীগৰাকীৰ। শেহতীয়াকৈ উক্ত ডেৰ লাখ টকা বিচাৰি বোৱাৰীগৰাকীক শাহুয়েক গীৰজা দেৱী, জা-বোৱাৰী মুনি দেৱী আৰু ননদ আনিছা সিঙে একেলগে মিলি ভুক্তভোগী বোৱাৰীগৰাকীক মূৰত লাঠিৰে কোবাই কোবাই মূৰ ফালি দিয়া বা গুৰুতৰভাৱে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইতিমধ্যে হোজাই HAMM হস্পিতালত চিকিৎসাধীন অৱস্থাত আছে ভুক্তভোগী বোৱাৰীগৰাকী। ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী আৰু ভুক্তভোগীৰ পৰিয়ালে আৰক্ষীক অৱগত কৰিছে অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে। এই ঘটনাৰ পূৰ্বও যৌতুকক কেন্দ্ৰ কৰি অত্যাচাৰ আৰু শাৰীৰিক প্ৰহাৰ চলোৱাৰ অভিযোগেৰে স্বামী আৰু স্বামীগৃহৰ পৰিয়ালৰ বিৰুদ্ধে বোৱাৰীগৰাকীয়ে গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰ বৰ্তমানেও বিচাৰধীন অৱস্থাত আছে। কিন্তু ইমানৰ পাছতো একেধৰণৰ ঘটনা অৰ্থাৎ মাৰধৰ কৰা আৰু মানসিক নিৰ্যাতনৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ তথ্য পোহৰলৈ অহা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে ২০২২ চনত দিব্যা সিং নামৰ ভুক্তভোগী বোৱাৰীগৰাকী খেৰনি টিলা বস্তিৰ পৰা মাইলু বস্তিৰ সুচিল সিং নামৰ টেট শিক্ষক এজনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
Leave A Comment