• কৰ্তব্যৰত অৱস্থাত মণিপুৰত শ্বহীদ অসমৰ বীৰ জোৱান: বজালী জিলাৰ ৰৌমাৰীত শোকাকুল পৰিৱেশ

    আঞ্চলিক
    কৰ্তব্যৰত অৱস্থাত মণিপুৰত শ্বহীদ অসমৰ বীৰ জোৱান: বজালী জিলাৰ ৰৌমাৰীত শোকাকুল পৰিৱেশ

    ডিজিটেল ডেস্কঃ পুনৰ কৰ্তব্যৰত অৱস্থাত শ্বহীদ হ'ল অসমৰ সন্তান। মণিপুৰত ভাৰতীয় সেনাত কৰ্মৰত হৈ আছিল বজালী জিলাৰ ৰৌমাৰী গাঁওৰ জিয়াৰুল হক। কৰ্মৰত অৱস্থাতে ভূমিস্খলনত প্ৰাণ হেৰুৱায় জোৱান গৰাকীয়ে। জোৱানগৰাকীৰ শ্বহীদৰ খবৰ উৰ্দ্ধতন কতৃপক্ষৰ পৰা লাভ কৰাৰ পিছতে জোৱান গৰাকীৰ বাসগৃহত উঠে কান্দোনৰ ৰোল। 

    শ্বহীদ জোৱানগৰাকীয়ে পত্নী, দুই কণমানি সন্তান, পিতৃ-মাতৃ, ভাতৃৰ লগতে বহুসংখ্যক গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়। উল্লেখ্য যে, শুকুৰবাৰে জাতীয় পতাকাৰে মেৰিয়াই শহীদ জোৱানগৰাকীৰ নিথৰ দেহ নিজ বাসগৃহলৈ অনা হ’ব।

    তাৰ পাছত ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হ'ব বীৰ জোৱান জীয়াৰুল হ'কৰ অন্তোষ্টিক্ৰিয়া।
    ২৯বছৰীয়া জোৱানগৰাকীৰ অকাল মৃত্যুত অঞ্চলটোতে শোকৰ ছাঁ পৰা পৰিছে। ইফালে অসংখ্য গুণমুগ্ধই জোৱানগৰাকীৰ বাসগৃহত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। জোৱানগৰাকীৰ চাকৰি কাল ৯ বছৰ চলি আছিল।