ডিজিটেল ডেস্কঃ যিখন সমাজত চিকিৎসকক ভগৱানৰ স্থান দিয়া হয় সেইখন সমাজতেই এতিয়া গুণ্ডাগিৰিত নামি পৰিল এজন চিকিৎসক। মহানগৰীৰ ৰাজপথত গুণ্ডাৰ দৰে আচৰণ কৰিলে এজন দন্ত চিকিৎসকে। সাধাৰণ এখন দোকান দিয়াক লৈ সংঘটিত হৈছে এই ঘটনা।
ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ বেলতলাত। এজন সাধাৰণ দোকানীক মাৰপিট দন্ত চিকিৎসক ডাঃ বি কলিতাৰ। চিকিৎসকজনৰ চেম্বাৰৰ সন্মুখতে এখন সাধাৰণ দোকান দি পৰিয়াল চলাই আছিল এজন লোকে। কিন্তু দন্ত চিকিৎসকজনৰ চেম্বাৰৰ সন্মুখত দোকান দিয়াক লৈ মাৰপিটত লিপ্ত হৈছে চিকিৎসকজন।
প্ৰথমে চিকিৎসক জনে GMCৰ জৰিয়তে উচ্ছেদ কৰে দোকানখন। কিন্তু পাছত আকৌ নিজেই দোকানখন উচ্ছেদ কৰিবলৈ গৈ দোকানীজনক প্ৰহাৰ কৰে।
দোকানীজনে অভিযোগ কৰে যে দন্ত চিকিৎসকজনে প্ৰথমে পইচা দাবী কৰিছিল। কিন্তু পইচা দিব নোৱৰাত দোকানখন উচ্ছেদ কৰিবলৈ উঠি-পৰি লাগিছিল।
ইতিমধ্যে ভোক্তভোগী দোকানীজনে থানাত FIR দিছে চিকিৎসকজনৰ বিৰুদ্ধে।
উৎস- দৈনিক জনমভূমি
Leave A Comment