ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত বিবাদিত মন্তব্য আৰু কাৰ্যকলাপৰ বাবে প্ৰায়ে বিতৰ্কৰ শিৰোনাম দখল কৰি থকা বীৰ লাচিত সেনা ডুমডুমা আঞ্চলিক সমিতিৰ এগৰাকী নেতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ | অভিষেক বৰা নামৰ ডুমডুমাৰ বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে এটা ৱেব পৰ্টেলত দিয়া এক বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ৰূপাই চাইডিং বিজয় নগৰৰ একাংশ মহিলা আৰু পূৰুষে আজি ডুমডুমা থানালৈ আহি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷
ইয়াৰ পিচত ডুমডুমাস্থিত বীৰ লাচিত সেনাৰ মুখ্য কাৰ্যালয়ত অৱস্থান কৰি লোকসকলে বীৰ লাচিত সেনাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়া দেখা যায় | ঘটনাৰ বিৱৰণী মতে এটা ৱেব পৰ্টেলৰ বাতৰিত নেতা গৰাকীয়ে ৰূপাই চাইডিং বিজয় নগৰৰ একাংশ মহিলাই নাৰী দেহ ব্যৱসায়ৰ সৈতে জড়িত বুলি উল্লেখ কৰে | নেতা গৰাকীৰ এই মন্তব্যৰ লগতে বাতৰি প্ৰকাশ হোৱাৰ পিচত বিজয় নগৰৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু নেতা গৰাকীক মন্তব্যৰ তথ্য প্ৰমাণৰ দাবী জনাই অন্যথা বিজয় নগৰ বাসীক ৰাজহুৱাকৈ ক্ষমা খোজাৰ আহ্বান জনাই বিজয় নগৰ বাসী ৰাইজে৷
কিন্তু অভিওেক বৰাই ৰাইজৰ দাবীক মানি নোলোৱাৰ ফলত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় লাচিত সেনা নামৰ সংগঠনটো | পৰৱৰ্তী সময়ত ডুমডুমা থানাত সেনাৰ নেতা অভিষেক বৰাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰা বুলি জানিবলৈ পোৱা যায়।
Leave A Comment