ডিজিটেল ডেস্ক: অসমীয়া বৈষ্ণৱ ধৰ্মৰ সৃষ্টিকৰ্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি আবিৰ্ভাৱ তিথি। সাধাৰণতে আহিন মাহৰ বিজয়া দশমীৰ দিনা শংকৰ জন্মোৎসৱ পালন কৰা হয়। এইবাৰো গুৰুজনাৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তত আকাশে বতাহে মুখৰিত হ'ব হৰি নামৰ ধ্বনি। শংকৰ জন্মোৎসৱ হ'ল বৈষ্ণৱ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী। উল্লেখযোগ্য যে দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। সেয়ে প্ৰতিবছৰে আহিন-কাতি মাহত অসমৰ বিভিন্ন প্ৰান্তত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হয়। অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে ইয়াক উৎসৱ ৰূপে পালন কৰে।
প্ৰতিবছৰৰ দৰে এই দিনটোত ভক্তিদীপৰ আলোকেৰে দৃষ্টিনন্দন হৈ পৰিব শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ লগতে গুৰুজনাই স্থাপন কৰা বৰপেটা সত্ৰ, লগতে বিভিন্ন নামঘৰ সমূহ, মাজুলীৰ সত্ৰসমূহ ৷ কোনো কোনো ঠাইত তিনি চাৰিদিনকৈ এই উৎসৱ পালন কৰা হয়।
শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰসংগ, সত্ৰীয়া নৃত্য প্ৰদৰ্শন, ধৰ্মালোচনা সভা, দিহানাম, বৰগীত, গায়ন-বায়ন, নাম-প্ৰসংগ আৰু সন্ধিয়া ভাওনা পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰা হয়।
একেধাৰে কবি, ধৰ্ম প্ৰৱৰ্তক, সমাজ সংস্কাৰক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ, পৰমভক্ত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ১৩৭১ শক ইং ১৪৪৯ খৃষ্টাব্দত বৰ্তমান নগাওঁ জিলাৰ বৰদোৱাত জন্ম গ্ৰহণ কৰে। পিতৃ কুসুম্বৰ শিৰোমনি ভূঞাৰ ঔৰষত সত্যসন্ধ্যাৰ গৰ্ভত জন্ম গ্রহণ কৰা শংকৰ কেচুৱাকালতে ঘাট মাউৰা হয়। বুঢ়ী মাক খেৰসুঁতিৰ লালন পালনত ডাঙৰ হোৱা শংকৰদেৱ বাৰ বছৰ বয়সতহে পঢ়া শুনা আৰম্ভ কৰে যদিও কেইবছৰমানৰ ভিতৰতে অসাধাৰণ প্ৰতিভাৰ পৰিচয় দি শিক্ষা সাং কৰে। শিক্ষা সাং কৰাৰ পাছত সূৰ্য্যৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হৈ গৃহাশ্রম ধৰ্ম পালন কৰে। এটি মাত্র কণ্যা সন্তান সংসাৰত ৰাখি সূৰ্য্যৱতীয়ে ইহলীলা সম্ভব কৰে। সেয়েহে শংকৰদেৱেও বৈৰাগ্য জীৱন অতিবাহিত কৰে।
ইয়াৰ পাছতে তেখেতে ধুৱাহাট বেলগুৰিত মাধৱদেৱৰ লগত মিলন হয়। যাক আমি 'মনিকাঞ্চন সংযোগ' বুলি কওঁ। এই মিলনে অসমৰ ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত যুগান্তকাৰী উত্থানৰ সূচনা কৰে । সেয়েহে হয়তু আমি শংকৰদেৱক বাদ দি মাধৱক আৰু মাধৱক বাদ দি শংকৰদেৱৰ কথা ভাবিব নোৱাৰি।
অসমৰ সাহিত্য জগতলৈ তেখেতে যি সমূহ অৱদান দি থৈ গৈছে সেই সমূহে তেখেতক অমৰত্ব প্ৰদান কৰিছে। তেখেতৰ ৰচিত গ্ৰন্থসমূহ হ'ল- হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিনী হৰণ কাব্য, কীৰ্ত্তন, গুণমালা, ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ, দ্বাদশ স্কন্ধৰ অনুবাদ, অজামিল উপাখ্যান, বলিছলন, নিমি নৱসিন্ধ সংবাদ, অনাদি পতন, ভক্তি প্রদীপ,গুণমালা, উত্তৰাকাণ্ড ৰামায়ন আৰু ৬ খনকৈ অংকীয়া নাট (পত্নীপ্রসাদ, পাৰিজাত হৰণ, ৰাম বিজয়, ৰুক্মিনী হৰণ, কেলি গোপাল, কালীয় দমন) আৰু বৰগীত সমূহ। 'কীৰ্ত্তন মহাপুৰুষ জনাৰ কবিত্ব প্ৰতিষ্ঠাৰ শ্ৰেষ্ঠ নিদর্শন বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ। 'কীৰ্ত্তনত ন বিধ ভক্তিৰ ভিতৰত শংকৰী ধৰ্মত শ্ৰৱণ আৰু কীৰ্ত্তনক প্রধান স্থান দিয়া হৈছে। আনহাতে'গুণমালা'ও কুসুমমালা ছন্দত ৰচনা কৰা অকনমানি গ্রন্থ।
জাতি- ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰেবান্ধি অসমীয়া সমাজ গঢ়া মহাপুৰুষজনাৰ জন্মোৎসৱ উপলক্ষে যাছিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।
Leave A Comment