ডিজিটেল ডেস্কঃ ব’হাগ বিহু আহি পদূলিৰ মূৰত। সকলোৰে মনত আনন্দৰ সীমা নাই। বৰ্তমান অসমৰ চাৰিওফাল এতিয়া ব’হাগৰ ৰঙালী ৰঙেৰে মুখৰিত হৈ পৰিছে। মানুহকে ধৰি প্ৰকৃতিয়েও ৰঙালীক আদৰাৰ বাবে যো-জা কৰিছে। ব’হাগ মাহত প্ৰায় সকলো গছতে নতুন আৰু কুমলীয়া পাত ওলাইছে। ইয়াৰ ভিতৰত শ শ প্ৰজাতিৰ লতা আৰু গুল্মজাত উদ্ভিদ আছে।
এই উদ্ভিদবোৰ প্ৰত্যেকেই কিবা নহয় কিবা ঔষধী গুণেৰে পৰিপূৰ্ণ। এই উদ্ভিদবোৰ অতিজৰে পৰা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে আৰু যুগ যুগ ধৰি পৰম্পৰাগত ভাৱে বিভিন্ন দুৰাৰোগ্য ৰোগৰ জীৱনদায়িনী ঔষধি স্বৰূপেও ব্যৱহাৰ কৰি প্ৰাণ ৰক্ষা কৰি আহিছে।
ব’হাগ বিহু বুলি ক’লে গৰু গা ধোৱাৰ পৰা নতুন সাজ-পাৰ পিন্ধালৈ, মনলৈ আহে বহু পৰম্পৰাৰ কথা। ব’হাগ বিহুত ১০১ বিধ শাক খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। ১০১ বিধ খালে বছৰটোলৈ বেমাৰ-আজাৰ দূৰত থাকে বুলি বিশ্বাস প্ৰচলিত আছে। ব’হাগ বিহুত ১০১ বিধ শাক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।
এই ১০১ বিধ শাকে কেৱল মনত তৃপ্তি, জিভাত সোৱাদ দিয়াই নহয় ইয়াতো আছে নিৰ্ভৰ যোগ্য বিজ্ঞান সন্মত যুক্তি। এনে শাক-পাচলিয়ে মানুহৰ দেহক সতেজতা প্ৰদান কৰে, বল-শক্তি বৃদ্ধি কৰে আৰু কৰ্ম প্ৰেৰণা যোগায়। মানুহৰ দেহত বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিষেধক ৰুপে কাম কৰে আৰু ৰোগ নিৰাময়তো সহায়ক হয় এই ১০১ বিধ শাকৰ ভাজি।
এইবোৰ নিয়ম মানি চলিলে নিজলৈকে ভাল। বহুতে ১০১ বিধ শাক যোগাৰ কৰিব নোৱাৰিলেও সাধ্যানুসৰি যিমান পাৰে সিমানলৈকে শাক-পাত গোটাই ভাজি ৰান্ধি নিজেও খায়, পৰিয়ালকো খুৱায়।
১০১ শাকৰ তালিকাখন চাওঁ আহক
মাটি কাঁদুৰী, বৰ মানিমুনি, সৰু মানিমুনি, টিকনি বৰুৱা, ভেদাই লতা, টেঙেচি শাক, দ্ৰোণ বন, মছোন্দৰী , ঢেকীয়া শাক, লাইজাবৰি, মধুসোলেং, দুপৰটেঙা, জিলমিল শাক, ব্ৰাহ্মী শাক, কেঁহৰাজ, খুটৰা শাক, পনৌনৱা, পচতীয়া, কলমৌ শাক, চেংমৰা, নৰসিংহ পাত, তিতাফুল/তিতাবাহক, দুৱৰি বন, কণা শিমলু, বিহলঙনি, কপৌ ঢেকীয়া, কপৌ লতা, গৰুখিচ, লাজুকি বন/নিলাজী বন, ভেঁকুৰি তিতা, মহানিম, শগুনীলতা, শুকলতি, নেফাফু পাত, মালভোগ খুটৰা শাক, হাতী খুতৰা, থুঠনী বা মৰলীয়া শাক, বন আমলখি/মাটি আমলখি, বন জালুক, শোহনি বন, গাখীৰতী বন, কেঞাবন, টুবুকি লতা, জেতুলী পকা পাত, পদিনা, চালকুঁৱৰী, পিৰালি পালেং, পকমৌ, লৰ বৰুৱা, কল পুলি বা পচলা, বেত গাজ, বাঁহ গাজ বা পাতৰ গজালি, অকালবিহ, লচকচি, গোন্ধোৱা বন, চেনি বন/মধুমেহাৰী/বনধনিয়া, বিয়নি সাবটা,
মান-ধনীয়া, মধুৰিৰ কুমলীয়া পাত, ৰঙালাওৰ আগ, জাতিলাওৰ আগ, চজিনা পাত, কাচি-দঁৰীয়া, লিহিৰি পতীয়া/সৰ্পজিভা, সোণবৰিয়াল, ভাং পাত, চিৰতা তিতা বা কালমেঘ, বগা বাহক, আমগন্ধি, বৰথেকেৰা, টেঙামৰাৰ কুমলীয়া কোঁহ, মৰিছা, নেফাফু, অমৰা ফুল বা কুমলীয়া পাত, দহি কচু থুৰী, মাটিকঠালৰ কুমলীয়া কুঁহ, অগৰাৰ কুমলীয়া পাত, বৰালী বকুৱা, হাঁচিয়া বা হাঁচিয়তি বন, বৰহমথুৰি, লাই শাক, বৃন্দাবনী শাক, ওলকচু, টোলোঠা পকাৰ কুমলীয়া পাত, অমিতা ফুল, চুকা শাক, লফা, পুৰৈ শাক, পালেং, নুনি পাত, পিঁয়াজপাত, বকফুল, হেলচী/ হেলেঞ্চি, চজিনা পাত, মেটেকা, শেৱালি ফুলৰ পাত, মিঠামৰা, বিশল্যকৰণি, ডালিম পাত, মেজেঙা আদি।
এই শাকসমূহৰ সলনি অন্য শাকো ব্যৱহাৰ কৰে বহুতে। অসমত শাক-পাতৰ কোনো অভাৱ নাই। মাঁথো বাচি খাবলৈ জানিলেই হ’ল।
Leave A Comment