ডিজিটেল ডেস্কঃ "কবিক চিনাকি কৰাই নিদিবা, কবিতাই কবিৰ পৰিচয়।" - নৱকান্ত বৰুৱা
এইটোয়েই বিশ্বৰ শ্ৰেষ্ঠ।কবিতা
ভোক লগা থাকিল চাই
পেট ওখহাই পেলালে খাই
পেট ওখহাৰ মন্ত্ৰ শুনক
চোৰ-ডকাইত ৰজা হ'ওক
ভোট দিয়ক ভোট দিয়ক
পেট ওখহাক ভোট দিয়ক
পেট ওখহাৰ কবিতা বিশ্বৰ শ্ৰেষ্ঠ কবিতা।
এই মন্ত্ৰ বিশ্বৰ আদি কবিতা।
পেট ওখহাৰ মন্ত্ৰ শুনক পেটৰ ভোক নিবাৰণ কৰক
পেট ওখহাৰ মন্ত্ৰ শুনক বাঘ হ'ব পাৰিব
মন্ত্ৰ পাঠ শুনক পেটৰ ভোক নাইকীয়া কৰক
পেট ওখহাৰ মন্ত্ৰ শুনক
চোৰ ডকাইত বাল্মিকী হ'ওক
ভোট দিয়ক ভোট দিয়ক
পেট ওখহাৰ মন্ত্ৰ শুনক
এইটোয়েই বিশ্বৰ শ্ৰেষ্ঠ।কবিতা
গ্ৰন্থবৰ্ষ উপলক্ষে আজি ২১ মাৰ্চ তাৰিখে নগাঁৱত ৰাজপথৰ গ্ৰন্থমেলাৰ আৰু বিশ্ব কবিতা দিৱসত দুই শতাধিক কবিয়ে কবিতা পাঠ কৰে। লগতে নগাঁও জিলা কবি সন্মিলন, ৰাজপথৰ কবিতা, নগাঁও নাগৰিক সভা আৰু আমাৰ সাহিত্য সভাই আয়োজন কৰা ৰাজপথৰ গ্ৰন্থমেলাত পাঠকৰ সহাৰি উৎসাহ জনক। পুৱা১০ বজাৰ পৰা নগাঁও চহৰৰ নগাঁও কলেজৰ সমীপৰ মতিৰাম বৰা উদ্যানত দিনজোৰাকৈ অনুষ্ঠিত হোৱা কবিতা পাঠৰ লগতে অশোক ৰাম ভট্টাচাৰ্য্যৰ "সেউজীয়া ভালপোৱা যদি", মনোৰমা ভূঞাৰ "বিয়ানাম" শীৰ্ষক গ্ৰন্থৰ লগতে কেইবাখনো গ্ৰন্থ উন্মোচিত হ'ব।
Leave A Comment