• বন বিভাগৰ তৎপৰতা: সুদীৰ্ঘ ২১বছৰৰ অন্তত উজ্জীৱিত হৈছে নদুৱাৰ বনাঞ্চল

    আঞ্চলিক
    বন বিভাগৰ তৎপৰতা: সুদীৰ্ঘ ২১বছৰৰ অন্তত উজ্জীৱিত হৈছে নদুৱাৰ বনাঞ্চল
    ডিজিটেল ডেস্ক: মৰুভূমিলৈ পৰিণত হোৱা এসময়ৰ নদুৱাৰ বনাঞ্চলত সুদীৰ্ঘ ২১ বছৰৰ মূৰত ১২শ হেক্টৰ ভূমি সেউজীকৰণ কৰাৰ উদ্দেশ্যে আজি গছপুলি ৰোপণেৰে সেউজীকৰণৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিধায়ক পদ্ম হাজৰিকাই৷

    প্ৰায় ২৪ হাজাৰ গছপুলি ৰোপণেৰে আজি অসম-অৰুণাচল সীমান্তৱৰ্তী চিজুচাৰ নদুৱাৰ বনাঞ্চলখন সেউজীকৰণ কৰাৰ উদ্দেশ্যে গছপুলি ৰোপণে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী পাটোৱাৰীয়ে৷ এসময়ৰ ঘন অৰণ্যৰে ভৰপূৰ বনাঞ্চলখনৰ এই ঠাইখিনিও অসংখ্য গছ-বনেৰে ভৰপূৰ হৈ আছিল৷ কিন্তু একাংশ অবিবেচক লোকৰ হাতোৰাত পৰিয়েই ধ্বংসৰ গৰাহলৈ গতি কৰিছিল নদুৱাৰ বনাঞ্চলখনে৷ কিন্তু সুদীৰ্ঘ ২১ বছৰৰ অন্তত বনাঞ্চলখন আজিৰপৰা জীপাল কৰি তোলাৰ সংকল্প ল’লে ৰাজ্য চৰকাৰৰ বনবিভাগে৷

    আজি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বন বিভাগৰ উচ্চপদস্থ বিষয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত বনাঞ্চলখন পুনৰুজ্জ্বীৱিত কৰি তোলাৰ উদ্দেশ্যে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ লগতে আজিয়েই উপস্থিত ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকসকলৰ সহযোগত ২৪  হাজাৰ গছপুলি ৰোপণেৰে সেউজীকৰণৰ কাৰ্যসূচী আৰম্ভ কৰে বনবিভাগে৷

    ইয়াৰোপৰি পূৰ্বে অশান্তজৰ্জৰ এই ঠাইখিনি বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত এক সুস্থ পৰিৱেশ ঘুৰি অহা প্ৰকৃতিৰ মনোমোহা ঠাই হিচাপে বিবেচিত এই চিজুচা অঞ্চলটিক শীঘ্ৰেই পৰ্যটকৰ আকৰ্ষণথলী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাও হাতত লোৱা হ’ব বুলি উল্লেখ কৰে বনমন্ত্ৰীগৰাকীয়ে৷ 

    উল্লেখ্য যে বন মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কাৰ্যসূচীটোত স্থানীয় লোকসকলৰ উপস্থিতি আৰু সহযোগিতাও আছিল আশাব্যঞ্জক৷
    sv388sv388sabung ayam onlinesv388live casinosv388slot server thailandagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88slot gacor malam iniINDOJAWA88INDOJAWA88sabung ayam onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlineINDOJAWA88INDOJAWA88sv388INDOJAWA88INDOJAWA88sv388live casino onlinesv388live casino onlinemix parlay sbobetcasino onlinesabung ayam onlinesv388sv388live casino onlinesbobet88sv388sv388sv388live casino onlinesabung ayam onlineslot777