• ‘এ ফৰ আছাম’ৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ অসমপ্ৰীতিৰ ফোঁপোলা চৰিত্ৰ: বানবিধস্ত অসমৰ বাবে নাই সাহায্য পুঁজি, আছে কেৱল ঘৰিয়ালৰ চকুপানী

    আঞ্চলিক
    ‘এ ফৰ আছাম’ৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ অসমপ্ৰীতিৰ ফোঁপোলা চৰিত্ৰ: বানবিধস্ত অসমৰ বাবে নাই সাহায্য পুঁজি, আছে কেৱল ঘৰিয়ালৰ চকুপানী
    ডিজিটেল ডেস্ক: নিৰ্বাচনৰ আগে আগে অসমলৈ আহি এক নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ডিঙিৰ শিৰ ফুলাই আওৰাইছিল এক অভিনৱ শ্ল'গান “এ ফৰ আছাম”। প্ৰধানমন্ত্ৰী গৰাকীৰ এই শ্ল’গানৰ লগে লগে আবেগৰ ঢৌত উটি ফুৰিছিল অসমবাসী ৰাইজ। মোদীৰ এই নিৰ্বাচনকেন্দ্ৰিক সাময়কি শ্ল’গানৰ আধাৰতে মোদীক অসমৰ ত্ৰাণকৰ্তাৰ অভিধা দি বিজেপিক বিপুল হাৰত জয়ী কৰাই শাসনত অধিষ্ঠিত কৰিছিল অসমবাসীয়ে। পিছে নিৰ্বাচনৰ সময়ত ‘এ ফৰ আছাম’ হৈ পৰা কেন্দ্ৰৰ বাবে বছৰৰ আন সময়ত অসম হৈ পৰে ‘এ ফৰ আওকাণ’ স্বৰূপ। অসমৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা দলৰ শীৰ্ষ নেতৃত্বই মোদী চৰকাৰৰ এই নাটকীয় অসমপ্ৰীতিক যিমানেই সত্যতাৰ চাপ দিব নুখুজক কিয়, অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিয়ে এই ভুৱা অসমপ্ৰীতিক পোনপটীয়াকৈ উন্মোচন কৰি দিছে।

    বছৰৰ দ্বিতীয়টো বানে জুৰুলা কৰি তুলিছে অসমক৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ বানৰ কবলত পৰি ককবকাব লগা হৈছে জনসাধাৰণ। বান আৰু ভূমিস্খলনত এতিয়ালৈকে শতাধিক লোকৰ মৃত্যু। ক্ষতিগ্ৰস্ত হৈছে ৩০ লক্ষাধিক লোক৷ বানৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজত সামাজিক মাধ্যমত কেৱল সমবেদনামূলক পোষ্ট আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোনকলেৰেই দায়িত্ব সামৰিলে প্ৰধানমন্ত্ৰী মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে। বানত হাজাৰৰো অধিক কোটি টকাৰ ক্ষতিৰ সন্মুখীন হোৱা অসম আৰু অসমবাসীৰ বাবে এটা সামাজিক মাধ্যমৰ পোষ্ট আৰু এটা ফোনকল! বাস্তৱত এয়াই কেন্দ্ৰীয় চৰকাৰৰ ‘এ ফৰ আছাম’ৰ বহি:প্ৰকাশ তথা অসমপ্ৰীতিৰ নমুনা। 

    বানত জৰ্জৰিত ৰাজ্যৰ বাবে প্ৰয়োজন আছিল কেন্দ্ৰীয় চৰকাৰৰ এক বৃহৎ সাহায্য পুঁজি। অসম চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ পুঁজি চৰকাৰৰ হাতত আছে বুলি যিমানেই উফাইদাং নামাৰক কিয়, চৰকাৰৰ ৰাজভঁৰাল বান বিধস্ত এই অভাৱনীয় পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ যে তেনেই নিশকতীয়া ই ধুৰূপ। তৎসত্ত্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দিল্লীত কেন্দ্ৰৰ পৰা এইসময়ত কোনো সাহায্যৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্য কেন্দ্ৰীয় চৰকাৰক তোষামোদ নে চৰকাৰক পুঁজিৰ দাবী কৰিবলৈ সাহসৰ অভাৱ এই লৈও চৰ্চা চলিছে। 

    কেন্দ্ৰীয় চৰকাৰে যোৱা বৰ্ষত অসমৰ বাবে বানৰ মোকাবিলা কৰিবলৈ ১০০০ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰিছিল। শেহতীয়াকৈ যোৱা মে’ মাহত সম্ভাব্য বান পৰিস্থিতিৰ বাবে আগতীয়াকৈ ৩২৪ কোটি টকাৰ এক পেকেজো ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (SDRF) শিতানত মুকলি কৰা হৈছে বুলি ঘোষণা কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা এই সন্দৰ্ভত জাৰি কৰা এক বিবৃতিৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতাৰে উপচাই পেলাইছিল। পিছে কেন্দ্ৰৰ এই পুঁজিৰ যোগান বাস্তৱত মুকলি হৈছিল নে কেৱল ঘোষণাতে আৱদ্ধ আছিল, সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

    শেহতীয়াকৈ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কেন্দ্ৰীয় চৰকাৰৰ অসমপ্ৰীতিৰ স্বৰূপ উন্মোচন কৰি অসমৰ প্ৰতি কেন্দ্ৰৰ বঞ্চনাৰ আন এখন ছবি দাঙি ধৰিছে৷ এক ছ’চিয়েল মিডিয়া পোষ্টত সাংসদ গৰাকীয়ে সদৰি কৰা অনুসৰি অসমৰ হৈ থকা প্ৰলয়ংকাৰী বানৰ মোকাবিলাৰ বাবে ভাৰত চৰকাৰৰ জলশক্তি বিভাগে কোনো তাৎক্ষণিক পদক্ষেপ হাতত লৈছে নেকি, সেই বিষয়ে বিভাগটোৰ এগৰাকী শীৰ্ষ আমোলাৰ পৰা জানিবলৈ চেষ্টা কৰিছিল। কিন্তু সাংসদ বৰদলৈৰ প্ৰশ্নক বিষয়াগৰাকীয়ে চূড়ান্তৰূপে উপেক্ষা কৰি অসমৰ প্ৰতি এক নিন্দাসূচক মন্তব্য কৰে। প্ৰদ্যুৎ বৰদলৈয়ে উল্লেখ কৰা মতে তেওঁৰ প্ৰশ্নৰ উত্তৰত বিষয়াগৰাকীয়ে ‘বান অসমত প্ৰতি বছৰেই হয়, ইয়াত নতুনকৈ কি কৰিবলগীয়া আছে’ বুলি মন্তব্য কৰিছে।

    প্ৰদ্যুৎ বৰদলৈয়ে সদৰি কৰা অনুসৰি, সংসদত দিয়া তথ্যমতেই বিগত চাৰি বছৰত (২০১৮-২০২২) কেন্দ্ৰীয় চৰকাৰে অসমক বান আদিৰ বাবে NDRF ৰ শিতানত মাত্ৰ ৪৪.৩৭ কোটি টকাহে মুকলি কৰি দিছে। এই সম্পৰ্কত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে বুলি প্ৰদ্যুৎ বৰদলৈয়ে জানিবলৈ দিছে৷

    এতিয়া প্ৰশ্ন হয়, অসমৰ বান নিয়ন্ত্ৰণৰ বাবে পুঁজিৰ ঘোষণা কৰি, বাস্তৱত এই পুজি কেন্দ্ৰই প্ৰকৃতাৰ্থত মুকলি নকৰে নেকি! তামিলনাডু, কেৰালা আদি ৰাজ্যৰ বান প্ৰশমনৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি এই অৱহেলা কিয়? নে অসমৰ সম্পদ লুণ্ঠন আৰু ক্ষমতা লাভৰ বাবে ভোটৰ বাবেহে কেন্দ্ৰই অসমৰ প্ৰতি ঘৰিয়ালৰ চকুপানী টুকে? নে সেই ৰাজ্যসমূহৰ শাসনাধিষ্ঠ চৰকাৰে মুকলিকৈ সাহায্য পুঁজি দাবী কৰাৰ দৰে পুঁজি দাবী কৰিবলৈ সাহসৰ অভাৱ অসম চৰকাৰৰ? 

    যদি এয়ে হয়, মাত্ৰ ক্ষমতাৰ খকত ৰাজ্যৰ সাধাৰণ জনতাক বিপদত পৰিবলৈ এৰি দিয়া ৰাজ্য চৰকাৰ  এই পৰিস্থিতিৰ বাবে দোষী নহ’ব কিয়? শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যক পলিটিকেল ষ্টাণ্ট বুলিব পৰাৰ থল আছে নেকি! বানত জৰ্জৰিত জনসাধাৰণ উপকৃত হ’ব পৰাকৈ দীৰ্ঘকালীন পৰিকল্পনা বাদেই, সাময়িক সহায় সাধন কৰিব পৰাকৈ কেন্দ্ৰৰ পৰা পুঁজি মুকলি কৰিব নোৱাৰাৰ ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে নিজকে প্ৰকাশ কৰিছে নেকি বুলিও তীব্ৰ সমালোচনা উঠিছে।