• বৰাক- ব্ৰহ্মপুত্ৰ - পাহাৰ- ভৈয়ামৰ সৰ্বত্ৰ উন্নয়ন হৈছে, ১২ খনকৈ আসনত বিজেপিৰ জয় নিশ্চিত,দাবী কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    আঞ্চলিক
    বৰাক- ব্ৰহ্মপুত্ৰ - পাহাৰ- ভৈয়ামৰ সৰ্বত্ৰ উন্নয়ন হৈছে, ১২ খনকৈ আসনত বিজেপিৰ জয় নিশ্চিত,দাবী কৰিলে  প্ৰাক্তন মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে
    ডিজিটেল ডেস্কঃ দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো বলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ। ইয়াৰ মাজতে  ৰাজ্যৰ  প্ৰাক্তন মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে  এক বিশেষ দাবী কৰিছে। সোণোৱালৰ মতে  অসমত ১২ খন  আসনত বিজেপিৰ জয় নিশ্চিত।  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  সগতে কয়- বৰাক নৈৰে খুব সোনকালে চলাচল কৰিব যাত্ৰীবাহী,মালবাহী জাহাজ । 


    শিলচৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে এখন  সংবাদ মেল সম্বোধন কৰি কয় ,দেশত উন্নয়নৰ বতাহ বৈছে।  ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত  ভাৰত বিশ্বৰ শ্ৰেষ্ঠ দেশ  পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে  লগতে কয়, অসম ক্ৰমে   উন্নত ৰাজ্য  হোৱাৰ দিশে অগ্ৰসৰ  হৈছে। বৰাক- ব্ৰহ্মপুত্ৰ - পাহাৰ- ভৈয়ামৰ সৰ্বত্ৰ উন্নয়ন হৈছে। 

    যোগাযোগ ব্যবস্থা , বাট পথ সকলোতে উন্নতি হৈছে বুলিও তেওঁ কয়  ৷বৰাক উপত্যকাত আমুল পৰিবৰ্তন হৈছে বুলি উল্লেখ কৰি সোণোৱালে কয় -ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত বৰাকত বাট পথৰ  অৱস্থা তথৈবচ  আছিল ৷বৰ্তমান সৰ্বত্ৰ পথ নিৰ্মাণ  হৈছে ৷ বৰাক নৈক আন্তঃৰাষ্ট্ৰীয় জলপথ হিচাবে নিৰ্ধাৰণ  কৰা হৈছে ৷ খুবসোনাকালে যাত্ৰীবাহী, মালাবাহী জাহাজ চলিব বৰাক নৈৰে ৷বৰাক নৈৰ খনন কাৰ্যও অব্যাহত থাকিব বুলি কয়  কেন্দ্ৰীয়মন্ত্ৰী গৰাকীয়ে ৷