ডিজিটেল ডেস্কঃ আপোনাৰ সন্তানে চিংৰা খাই ভাল পায় নেকি? আপোনাৰো প্ৰিয় নেকি হোটেলৰ গৰম গৰম চিংৰা? তেন্তে সাৱধান৷ চিংৰা খাই অসুস্থ হৈ চিকিৎসা গ্ৰহণ কৰিবলগীয়া হ’ল এগৰাকী কণমাণি শিশুৱে৷ কাকপথাৰত সংঘটিত হৈছে এই ঘটনা৷
কাকপথাৰ চহৰৰ মাজমজিয়াত অৱস্থিত সকলোৰে চিনাকি দত্ত হোটেলে যোগান ধৰা চিংৰাৰ মাজত ওলাইছে জনতা বিড়ি। কাকপথাৰ ১ নং তেজী গাঁও নিৱাসী ভৱেন মৰাণ নামৰ এগৰাকী প্ৰধান শিক্ষকে ঘৰলৈ বুলি দত্ত হোটেলৰ পৰা কেইটামান গৰম গৰম চিংৰা ক্ৰয় কৰি লৈ গৈছিল৷ সেই চিংৰা খাই আধা অংশ খাই হঠাৎ অসুস্থ হৈ পৰে শিক্ষকগৰাকীৰ ৯ বছৰীয়া কন্যা সন্তান৷
লগে-লগেই পিতৃয়ে তদন্ত কৰি চিংৰাৰ মাজত দেখা পালে এটা চিগাৰেটৰ টুকুৰা৷ চিগাৰেটৰ টুকুৰা নহয় আছলতে সেয়া আছিল মাৰাত্মক জনতা বিড়িৰ এটা অংশ৷ ইতিমধ্যে চিংৰাৰ মাজৰ আলু বাদামৰ লগতে জনতা বড়িৰ এটা অংশ পেটলৈ গৈছিল শিক্ষক গৰাকীৰ সন্তানৰ পেটলৈ৷ তাৰ পাছতে অসুস্থ হৈ পৰে শিশুটি৷ পিতৃয়ে লগে লগে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী নিজ কন্যা সন্তানক চিকিৎসালয়লৈ নি চিকিৎসা কৰায় ৷
উক্ত বিষয়টো হোটেলখনৰ কৰ্মচাৰীসকলক অৱগত কৰাত কৰ্মচাৰীসকলে এটা সাধাৰণ ঘটনাৰ দৰে ব্যৱহাৰ কৰে৷ শিক্ষকগৰাকীয়ে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থাক বিষয়টো অৱগত কৰে৷ শিক্ষকগৰাকীৰ লগতে সংগঠনৰ বিষয়ববীয়া সকলে দত্ত হোটেলত উপস্থিত হৈ তিনিচুকীয়া জিলা খাদ্য সুৰক্ষা, অসামৰিক যোগান বিভাগৰ লগত যোগাযোগ কৰি বিষয়টো অৱগত কৰে৷
অসুস্থ শিশুটিৰ পিতৃয়ে খাদ্য সুৰক্ষা, অসামৰিক যোগান বিভাগলৈ বিষয়টোৰ ওপৰত তদন্ত কৰি হোটেলখনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ লিখিত আবেদন কৰাৰ কথা জানিব পৰা গৈছে। এতিয়া খাদ্য সুৰক্ষা, অসামৰিক যোগান বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব৷
Leave A Comment