ডিজিটেল ডেস্কঃ চন্দ্ৰপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। চন্দ্ৰপুৰৰ হাজোংবৰী অঞ্চলত সংঘটিত হৈছে দুৰ্ঘটনাটো।
ডি আই পিক আপ ভানৰ খুন্দাত মটৰচাইকেলত গৈ থকা এগৰাকী আৰোহীৰ মৃত্যু ঘটিছে। আৰোহীগৰাকী এগৰাকী কম বয়সীয়া যুৱক আছিল।
নিহত যুৱকজন চন্দ্ৰপুৰৰ তাঁতীমাৰা গাঁৱৰ বেদান্ত হাজৰিকা বুলি জানিব পৰা গৈছে ।
AS01PC 6302 নম্বৰৰ পিক আপ বাহনখনে AS 01FX 6980 নম্বৰৰ মটৰ চাইকেলখনক পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে ।
যাৰ ফলত মটৰ চাইকেল চালকজন বহু দূৰলৈ চিটিকি যায় আৰু গুৰুতৰভাৱে আহত হয়।
পিছত আহত যুৱকজনক GMCHত ভৰ্তি কৰা হয় যদিও যুৱকজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
বেদান্ত হাজৰিকাৰ অকাল মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।
Leave A Comment