ডিজিটেল ডেস্কঃ চিৰাঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা৷ ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু স্কুটী আৰোহী ছাত্ৰীৰ৷ বঙাইগাঁৱৰ ৰাখালডুবিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰে মহতিয়াই নিয়ে স্কুটী আৰোহী ছাত্ৰীগৰাকীক।
দুৰ্ঘটনাত নিহত ছাত্ৰীগৰাকী সঞ্জিনা ব্ৰহ্ম(২১) বুলি চিনাক্ত কৰা হৈছে৷
বিজনীৰ গাৰগাওঁস্থিত চিৰাং পলিটেকনিকৰ প্ৰথম সান্মাষিকৰ ছাত্ৰী আছিল সঞ্জিনা ব্ৰহ্ম।
চিৰাঙৰ বাঙালডোবা চামঠাইবাৰীৰ বাসিন্দা আছিল নিহত ছাত্ৰীগৰাকী।
পৰীক্ষা দি ঘৰলৈ উভতাৰ পথত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো।
স্কুটীখনৰ নম্বৰ AS-26G-7006।
AS-26AC-0178 নম্বৰৰ ডাম্পাৰৰ খুন্দাত অকাল মৃত্যুক সাবটিলে ছাত্ৰীগৰাকীয়ে৷
ডাম্পাৰে এনেদৰে কিমানৰ প্ৰাণ নাশ কৰিলে তাৰ লেখ-জোখ নাই৷
তীব্ৰ গতিত চলোৱা বাবে ডাম্পাৰ এতিয়া মানুহৰ বাবে যমদূত হৈ পৰিছে।
সঞ্জিনা ব্ৰহ্মৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়াল। অঞ্চলটোত পৰিছে গভীৰ শোকৰ ছাঁ।
Leave A Comment