• দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত ৫ খনকৈ সভাত অংশগ্রহণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ,জনসাধাৰণৰ প্ৰতিটো ভোটেই আমাৰ বাবে আশীর্বাদ: মুখ্যমন্ত্রী

    আঞ্চলিক
    দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত ৫ খনকৈ  সভাত অংশগ্রহণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ,জনসাধাৰণৰ প্ৰতিটো ভোটেই আমাৰ বাবে আশীর্বাদ: মুখ্যমন্ত্রী
    ডিজিটেল ডেস্কঃ  লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পাঁচখনকৈ বিশাল আৰু জনাকীর্ণ বিজয় সংকল্প সমাৱেশত অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে আজি দৰঙৰ দলগাঁও, মৰিগাঁৱৰ লাহৰীঘাট, দৰঙৰ মাজবাট, কামৰূপৰ বেজেৰা আৰু কমলপুৰত অনুষ্ঠিত এই জনসভা কেইখনত ভাষণ প্রদান কৰি ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্রার্থীসকলৰ পক্ষে ভোটদান কৰি সমগ্র দেশৰ লগতে অসমকো বিকাশ আৰু প্ৰগতিৰ দিশত দ্রুতগতিত আগুৱাই নিয়াৰ হকে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবলৈ ৰাইজক আহ্বান জনায়।মুখ্যমন্ত্রীয়ে আজি পুৱা প্ৰথমতে দৰঙৰ দলগাঁও টাউন খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশতঅংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত জনসাধাৰণৰ উৎসাহ আৰু উদ্দীপনাই নৰেন্দ্ৰ মোদী পুনৰ এবাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ লগতে ভাৰতীয় জনতা পার্টিৰ প্রার্থী দিলীপ শইকীয়াই কমেও চাৰিলাখ ভোটত জয়ী হোৱাটোকে প্রতিফলিত কৰিছে বুলি মন্তব্য কৰে। প্রধানমন্ত্রী মোদীয়ে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বিনামূলীয়া চাউল, উজ্জ্বলা আঁচনিৰ গেছ, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা ব্যৱস্থা আদিকে ধৰি বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনেও দুখীয়া শ্ৰেণীৰ জনসাধাৰণৰ বাবে বিভিন্ন আঁচনি লৈছে। কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দুখীয়া-দৰিদ্ৰ জনসাধাৰণৰ বাবে এই ধৰণৰ কোনো আঁচনি অসমত গ্ৰহণ কৰা নাছিল।

     তেওঁ লগতে মন্তব্য কৰে যে নিৰ্বাচনৰ পিছতে অৰুণোদয় আঁচনিখন বন্ধ হৈ পৰিব বুলি কংগ্রেছে বক্তব্য আগবঢ়াইছিল যদিও ৰাজ্য চৰকাৰে এতিয়া ৰেচন কার্ড থকা প্ৰতিটো পৰিয়াললৈ এই আঁচনিখন আগবঢ়োৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। দলগাঁৱত বহু দুখীয়া লোকে এতিয়াও প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনৰ গৃহ পাবলৈ আছে বুলি মন্তব্য কৰি ড° শৰ্মাই কয় যে এতিয়াৰে পৰা 'জিঅ' টেগিং' কৰাৰ ব্যৱস্থা পঞ্চায়তৰ পৰিৱৰ্তে আত্মসহায়ক গোটৰ মহিলা সদস্যাৰ দ্বাৰা কৰাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে দলগাঁৱৰ নৈপাৰ আৰু চৰাঞ্চলত এনে বহু দুখীয়া লোক আছে যিসকলৰ মাটিৰ পট্টা নাই। যাৰ বাবে তেওঁলোকে বিভিন্ন সময়ত একাংশ লোকৰ শোষণৰ বলি হৈ আহিছে। মুখ্যমন্ত্রীয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ স্থায়ী চৰসমূহৰ মাটি জৰীপ কৰি দুখীয়া জনসাধাৰণক ন্যায় প্রদান কৰিব। কৃষক সমাজলৈ প্রধানমন্ত্রী কৃষক সন্মান নিধি, অসম মালা আঁচনিৰ জৰিয়তে বাট-পথ নির্মাণ, দুখীয়া-দৰিদ্ৰ জনসাধাৰণৰ অৰ্থে বিভিন্ন কল্যাণকামী আঁচনি আদিৰ জৰিয়তে অসমৰ বিকাশ আৰু উন্নতিৰ কাম একমাত্র বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰেহে কৰিব পাৰে, অন্য দলে নোৱাৰে বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। ভাষণ প্রসংগত তেওঁ দলগাঁৱত ইতিপূর্বে দীনদয়াল উপাধ্যায় মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত প্রায় ৩৩ কোটি টকা ব্যয় সাপেক্ষে নির্মাণকার্য সম্পূর্ণ হৈ উঠা মহিলা মহাবিদ্যালয়খনো শীঘ্ৰে মুকলি কৰা হ'ব বুলিও উল্লেখ কৰে। 

    আনহাতে বৰচলাৰ পৰা ডিপোতা হৈ তেজপুৰ সংযোগী ৩০০ কোটি টকা ব্যয় সাপেক্ষে অসম মালাৰ অধীনত নির্মীয়মান পথছোৱাৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিছত ই দলগাঁৱৰ পৰা বৰচলালৈ এক বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিব বুলি তেওঁ কয়। তেনেদৰে জনসাধাৰণৰ প্ৰস্তাৱলৈ সঁহাৰি দি দলগাঁৱত অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা চৌহদ স্থাপনৰ বাবে চিন্তা-চৰ্চা কৰা হ'ব বুলিও তেওঁ সদৰি কৰে।আজিৰ এই বিজয় সংকল্প সমাৱেশত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, বিজেপিৰ জিলা সভাপতি অমৰেন্দ্ৰ শৰ্মা, অগপৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱা, প্রাক্তন সাংসদ শান্তিয়াজ কুজুৰ আদিকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি আৰু দলীয় কার্যকর্তা উপস্থিত থাকে।ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ সমর্থনত মৰিগাঁও জিলাৰ লাহৰীঘাটত এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰে।সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় অহা ২৬ এপ্রিলত অনুষ্ঠিত হ'বলগীয়া ভোটগ্রহণত সুৰেশ বৰাক ভোটদান কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰিবলৈ উপস্থিত জনসাধাৰণক আহ্বান জনায়। স্বাধীনতাৰ ৭৫ বছৰ পিছতো কংগ্ৰেছে লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ বাবে বিশেষ কোনো কাম নকৰিলে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত অংগনবাড়ী কর্মী আৰু সহায়িকা, শিক্ষক, আৰক্ষী আদিৰ চাকৰিৰ নিযুক্তিৰ বাবে দালালক উৎকোচ দিব লগা হৈছিল। বিজেপি চৰকাৰে দালালৰাজ নাইকীয়া কৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত এক লাখ চাকৰিত স্বচ্ছতাৰে যুৱক-যুৱতীক নিযুক্তি প্রদান কৰা হৈছে। তেওঁ মন্তব্য কৰে যে কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত দৰিদ্ৰ লোকে গৃহ পাবলৈও ধন দিব লাগিছিল। কংগ্ৰেছে দেশৰ স্বাধীনতাৰ ৭৫ বছৰত গৰাখহনীয়াত ক্ষতিগ্রস্ত ভূমিহীন দৰিদ্ৰ কিমান লোকক মাটিৰ পট্টা প্ৰদান কৰিলে বুলিও মুখ্যমন্ত্রীয়ে প্রশ্ন কৰে।

     তেওঁ লগতে কয় যে মৰিগাঁও আৰু দৰং জিলা সংযোগ কৰি ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত এখন নতুন দলং নির্মাণ কৰা হ'ব। অসম মালাৰ অধীনত ভুৰাগাঁৱৰ পৰা ধিঙলৈ নতুনকৈ পকী পথ নিৰ্মাণ কৰাৰ লগতে গৰাখহনীয়াত ক্ষতিগ্রস্ত লোকসকলক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই সকলোবোৰ ব্যৱস্থা কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰ বাবে সম্ভৱ হৈ উঠিছে।আজিৰ এই সভাত নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোঁটৰ প্রার্থী সুৰেশ বৰা, জিলা সভাপতি প্রবীণ মেধি প্রমুখ্যে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু কার্যকর্তা উপস্থিত থাকে।মুখ্যমন্ত্ৰীয়ে আজি দৰং জিলাৰ মাজবাটত অনুষ্ঠিত তৃতীয়খন বিজয় সংকল্প সমাৱেশত অংশগ্রহণ কৰে। মাজবাটৰ ৰাজীৱ গান্ধী ক্রীড়া প্রকল্প খেলপথাৰত অনুষ্ঠিত এই সমাৱেশত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এসময়ত আন্দোলন, ধর্ণা, বন্ধ কার্যসূচী তথা হিংসাত্মক কার্যকলাপ চলি থকা বড়োভূমিয়ে আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বাবেই শান্তিৰ পৰিৱেশ ওভতাই পাইছে। এসময়ত সৰ্বসাধাৰণৰ জীৱনৰ নিৰাপত্তা নথকা বড়োভূমিত এতিয়া শান্তি আৰু সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠিছে। 

    বিটিআৰৰ এই শান্তি বাহাল থকাৰ লগতে অঞ্চলটোৰ বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত মাজবাটৰ জনসাধাৰণে মিত্ৰজোঁটৰ প্রার্থী দিলীপ শইকীয়াক জয়যুক্ত কৰি নৰেন্দ্ৰ মোদীক পুনৰ এবাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাত অৰিহণা যোগাব বুলি তেওঁ দৃঢ় বিশ্বাসী বুলি মন্তব্য কৰে। ভাষণ প্রসংগত ড° শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰীয়া কাৰ্যকালত গ্রহণ কৰা জনহিতকৰ আঁচনি, কার্যসূচী আৰু পদক্ষেপৰাজিৰ কথা উল্লেখ কৰি কয় যে দেশে স্বাধীনতা লাভৰ পিছত সিংহভাগ সময় শাসনত থাকিও কংগ্রেছে দুখীয়া-দৰিদ্ৰ জনসাধাৰণৰ উন্নয়নৰ বাবে একো কৰিব নোৱাৰিলে। তেওঁ লগতে কয় যে এসময়ত অৰুণোদয় আঁচনিৰ স্থায়িত্বক লৈ সংশয় প্রকাশ কৰা কংগ্ৰেছ দলৰ সদস্যয়ো এতিয়া আঁচনিখনৰ হিতাধিকাৰী হিচাপে নিজৰ নাম অন্তর্ভুক্ত কৰিব বিচাৰে। মাজবাটত ষ্টেডিয়াম নির্মাণ, জলসিঞ্চনৰ ব্যৱস্থা, চাহ বাগিচাৰ লাইনত পথ নিৰ্মাণ আদিকে ধৰি বিভিন্ন পদক্ষেপ জনসাধাৰণৰ আৱেদনৰ ভিত্তিত গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- 'জনসাধাৰণৰ প্ৰতিটো ভোটেই আমাৰ বাবে আশীর্বাদ আৰু এই আশীর্বাদেৰে প্রধানমন্ত্রী মোদীয়ে দেশখনক আগুৱাই লৈ যাব।' এই সমাৱেশত মিত্রজোটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ উপৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, প্রাক্তন সাংসদ শান্তিয়াজ কুজুৰ, অসম চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰকে ধৰি ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোঁটৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু কর্মকর্তা উপস্থিত থাকে।

    আনহাতে মুখ্যমন্ত্রীয়ে আজি কামৰূপৰ বেজেৰাত আন এখন বিশাল জনসভাত অংশগ্রহণ কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্রার্থী দিলীপ শইকীয়াক জয়যুক্ত কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাত অৰিহণা আগবঢ়াবলৈ সমষ্টিবাসীক আহ্বান জনায়। ভাষণত মুখ্যমন্ত্রীয়ে কয় যে তেওঁ ৰাজনীতিলৈ অহাৰ সময়ছোৱাত দেখা পোৱা সময়ৰ তুলনাত সম্প্রতি অসমখন এক নতুন আৰু অভাৱনীয় পৰিৱৰ্তনৰ দিশে গতি কৰিছে। এতিয়া ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিলৈ পৰিৱৰ্তন আহিছে, অর্থনীতি সবল হৈছে, আন্তঃগাঁথনিৰ দিশত বিপ্লৱ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সদিচ্ছাৰ বাবেই ৰাজ্যখনত ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেন্ট স্থাপন হ'বলৈ গৈ আছে। জাগীৰোডত স্থাপন হ'বলগীয়া ছেমি কনডাক্টৰ নিৰ্মাণ উদ্যোগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয় পর্যায়ত ছেমি কনডাক্টৰ সম্বন্ধীয় পাঠদানৰ ব্যৱস্থা কৰা হ'ব যাতে এই দিশত শিক্ষিত হৈ পৰৱৰ্তী সময়ত তেওঁলোকে অসমতে নিয়োগৰ সুবিধা লাভ কৰিব পাৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কামৰূপৰ কমলপুৰত আজিৰ দিনটোৰ অন্তিমখন বিজয় সংকল্প যাত্রাত অংশগ্রহণ কৰে। দগাঁও খেলপথাৰত আয়োজিত এই জনাকীর্ণ সভাখনত ভাষণ প্রদান কৰি তেওঁ কয় যে প্রথম পৰ্যায়ৰ নিৰ্বাচনত ৫ খন আসনতে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোঁটে নিশ্চিতভাবে জয়ী হোৱাৰ দৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো মিত্রজোঁটে ৫ খন আসনতেই যে জয় লাভ কৰিব সেয়া জনসাধাৰণৰ অফুৰন্ত উৎসাহ-উদ্দীপনাই নিশ্চিত কৰিছে। এই সভাত সাংসদ ভূৱনেশ্বৰ কলিতা, বিধায়ক দিগন্ত কলিতা, প্রাক্তন বিধায়ক সত্যব্রত কলিতাৰ উপৰি ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্রজোঁটৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু কাৰ্যকর্তা উপস্থিত থাকে।